কৃষক নেতা অখিল গগৈৰ ক’ভিড-১৯ পজিটিভ!; মিছা আখ্যা জেইল কৰ্তৃপক্ষৰ

Akhil Gogoi

ফাইল ফটো

বিগত প্ৰায় তিনিমাহ ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

অখিলৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি বিতু সোণোৱালো ক’ৰ’নাত আক্ৰান্ত হৈছে।

এই তিনিওগৰাকী নেতাৰে ৰিজাল্ট আজি পজিটিভ আহে।

আনহাতে আন এগৰাকী কাৰাৰুদ্ধ নেতা মানস কোঁৱৰৰ ৰিজাল্ট এতিয়াও আহিব বাকী আছে।

জানিব পৰা মতে বৰ্তমান পাণবজাৰৰ এটা অস্থায়ী শিবিৰত ধৈৰ্য আৰু বিতুক ৰাখিছে। কিন্তু অখিল গগৈক ক’ত ৰখা হৈছে বা ক’ত চিকিৎসা প্ৰদান কৰা হ’ব সেই বিষয়ে এতিয়াও জানিব পৰা নাই।

উল্লেখ্য যে, কাৰাগাৰত কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালে প্ৰচণ্ড জ্বৰ-কাহ আৰু গা বিষত ভুগিছিল।

ন্যায়ালয়ৰ নিৰ্দেশত বুধবাৰে তিনিওৰে ক’ৰ’না পৰীক্ষা কৰা হৈছিল।

ইপিনে অখিল গগৈৰ ক’ভিড-১৯ পজিটিভ অহা খবৰটো কোনো পধ্যেই মানি ল’ব খোজা নাই জেইল কৰ্তৃপক্ষই।

জেইলৰ IGP দশৰথ দাসে আমাৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কয়, “অখিল গগৈ আৰু মানস কোঁৱৰৰ এন্টিজেন টেষ্টত নিগেটিভ আহিছে। বাকী ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ পজিটিভ আহিছে।”

তেওঁ লগতে সংবাদ মাধ্যমত কালিৰে পৰা প্ৰচাৰ হোৱা অখিল গগৈ সম্পৰ্কীয় বাতৰি মিছা বুলি দাবী কৰি লগতে কয়, “অখিল গগৈক কেইবাটাও বিভাগৰ চিকিৎসকে চাই আছে। তেওঁ বৰ্তমানলৈকে ঠিক আছে। হাঁহি মাতি কালিলৈকে কথা পাতি আছে। আমাৰ হাতত ভিডিও ফুটেজো আছে।”

অৱশ্যে, বৰ্তমানলৈকে অখিল আৰু মানসৰ যি সাধাৰণ স্বাৱ টেষ্টৰ ৰিজাল্ট সেয়া এতিয়ালৈকে অহা নাই বুলি উল্লেখ কৰে দশৰথ দাসে।

ইফালে আজিৰ পৰা বিভিন্ন লোকে ছ’চিয়েল মিডিয়াত কৃষক নেতা অখিল গগৈৰ উন্নত চিকিৎসাৰ লগতে কাৰাৰুদ্ধ হৈ থকা আটাইবোৰ কা আন্দোলনকাৰী নেতাকে মুক্তিৰ দাবীত সৰৱ হৈ পৰিছে।