সিদ্ধান্ত চূড়ান্ত: শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হ’ব অখিল গগৈ, মনোনয়ন পত্ৰ সংগ্ৰহ

bhaba

অৱশেষত সিদ্ধান্ত চূড়ান্ত হ’ল। শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হব কৃষক নেতা অখিল গগৈয়ে ।

আজি অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ লগে লগে নেতাগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈ পৰিল।

শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ পৰা অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰে ৰাইজৰ দলৰ সভাপতি মুনিন্দ্ৰ লাহন আৰু কাৰ্যকৰী সভাপতি অনুপ বৰপাত্ৰগোঁহায়ে।

উল্লেখ্য যে মঙলবাৰে অখিল গগৈয়ে কাৰাগাৰৰ পৰা অসমবাসীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰত তেওঁ প্ৰয়োজন হ’লে নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি ঘোষণা কৰিছিল।

মনোনয়ন পত্ৰ সংগ্ৰহ কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা ধৈৰ্য কোঁৱৰে কয় যে, মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে যেতিয়া অখিল গগৈ এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত।

ৰাইজৰ উৎসাহ আৰু আশাৰ মাজেৰে অখিল গগৈ নিশ্চয়কৈ শিৱসাগৰৰ বিধায়কৰূপে নিৰ্বাচিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে শিৱসাগৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা সন্দৰ্ভত বিশেষ টিপ্পনী কৰি কোঁৱৰে কয় — ‘দুদিন ধৈৰ্য ধৰক সকলো পৰিষ্কাৰ হ’ব’।

অখিল গগৈৰ মনোনয়ন সংগ্ৰহ আৰু ৰাইজৰ দলৰ ঘোষণাই এতিয়া কংগ্ৰেছ-বিজেপি শিৱিৰত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়া হ’ব লক্ষ্যণীয়।