NORTHEAST NOW (Assamese)

এয়া কেনে গণতন্ত্ৰ? মাত্ৰ ২ মিনিট! বিধানসভাতো বিধায়ক অখিল গগৈক পিছ এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই!

July 10, 2021 10:50 pm · কল্পজ্যোতি শইকীয়া
Updated: July 10, 2021 11:09 pm

“দুৰন্ত” অখিলৰ বাজেট অধিৱেশনত আশাত পৰিব চেঁচাপানী!
অখিল গগৈ,,, যাৰ আছে এক প্ৰতিবাদী সত্তা তথা কণ্ঠ। যাৰ বাবেই “দুৰন্ত” অখিলক জনকণ্ঠ কৰিবলৈ কাৰাগাৰত থকা স্বত্বেও শিৱসাগৰবাসীয়ে ভোট দি বিধানসভাৰ পবিত্ৰ সদনলৈ আনিছিল।

কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত কৰা এক মন্তব্যই “দুৰন্ত” অখিলৰ লগতে শিৱসাগৰবাসীলৈ কঢ়িয়াই আনিছে এক দুখৰ বাৰ্তা।

কিয়নো নৱ নিৰ্বাচিত বিধায়ক হিচাপে অখিল গগৈৰো সমষ্টিৰ লগতে জনতাৰ বাবে কণ্ঠ হিচাপে থিয় দিবলৈ দুৰ্বাৰ হেঁপাহ আছিল। কিন্তু সেই হেঁপাহত যেন চেঁচা পানী ঢালিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি নিৰ্দলীয় বিধায়ক হিচাপে অখিল গগৈয়ে ভাষণ ৰাখিবৰ বাবে পাব মাত্ৰ দুই মিনিট সময়, তাত কোনো হেৰ-ফেৰ নাই।

মুখ্যমন্ত্ৰীৰ সৈতে মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান জনোৱা অখিল গগৈৰ সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ কয় “মই লেনিন-মাও ছে তুঙৰ লগত যি কৰিব লাগে কৰিম। বিধানসভাত নিৰ্দলীয় বিধায়কে মাত্ৰ দুই মিনিট পাব, একদম চিধা কথা। তাৰ ভিতৰতে যি কয় ক’ব। তাৰ পাছত বাজেটত অংশগ্ৰহণ কৰিব পাৰিব কিয়নো গণতন্ত্ৰত বাধা দিব নোৱাৰি। কিন্তু গণতন্ত্ৰটো হাইজেক হ’ব নালাগে।”

ইয়াৰোপৰি, বাজেট অধিৱেশনত বিজেপি বিধায়ক সকলে মুঠ ২ ঘণ্টা আৰু কংগ্ৰেছী সকলে মুঠ ১ ঘণ্টা বক্তব্যৰ বাবে সময় লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে, ৰাইজৰ দলৰ প্ৰাৰ্থী যদিও অখিল গগৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে গেছ ছিলিণ্ডাৰৰ চিহ্নত প্ৰতিদ্বন্দিতা কৰিছিল।

জয়ী হৈ অহাৰ পাছত অখিল গগৈৰ শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা, কা বিৰোধিতা, অসমীয়া ভাষাৰ কোনে ৰক্ষা কৰিছিল, টোলগেটকে ধৰি বিভিন্ন সমস্যাৰ বিষয়ে বিধানসভাত সৱল যুক্তিৰে বক্তব্য ৰখাৰ ইচ্ছা আছিল।

কিন্তু মাত্ৰ দুই মিনিট সময়ৰ ভিতৰত অখিল গগৈয়ে এই আটাইবোৰ সমস্যাক লৈ যে নিজৰ বক্তব্য বা যুক্তি ৰাখিব নোৱাৰে সেয়া একপ্ৰকাৰৰ নিশ্চিত।
মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া সময়ত লক্ষণীয় হ’ব।

Related News