• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যিকোনো মুহূৰ্ততে কংগ্ৰেছত যোগ দিব অখিল গগৈয়ে?

অনির্বান পাঠক by অনির্বান পাঠক
April 16, 2019 2:26 pm
Loksabha election: Congress' Bhubaneswar Kalita opposes citizenship bill, BJP's Dilip Saikia supports it-- now decide and vote, Akhil pleads people of Assam

অখিল গগৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এপষেকৰ আগলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব দিয়া হিৰণ্য পাঠৰিৰ মুখত অখিল গগৈৰ বিৰুদ্ধে এতিয়া এটাৰ পাছত আন এটা অভিযোগ। কংগ্ৰেছ-এ আই য়ু ডি এফৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগৰ পাছত এইবাৰ পাঠৰিয়ে ক’লে অখিল গগৈয়ে কংগ্ৰেছত যোগদানৰ যো-জা চলোৱাৰ কথা। কিন্তু কি চৰ্তত কংগ্ৰেছলৈ যাব কৃষক মুক্তিৰ নেতাজন?

মঙলবাৰে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কিছুদিন পূৰ্বে গেৰুৱা টুপী পিন্ধা হিৰণ্য পাঠৰিৰ বিষ্ফোৰণ, ‘অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাগে অখিল গগৈক’।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ নিশ্চিত হ’লেই অখিল গগৈয়ে কংগ্ৰেছত যোগ দিব বুলিও পাঠৰিয়ে প্ৰকাশ কৰে।

‘’কেব’ৰ আন্দোলনৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াৰ কংগ্ৰেছ হাইকমাণ্ডৰ লগত এক সু-সম্পৰ্ক গঢ়ি উঠিছে। তেওঁলোকৰ মাজত সঘনাই আলোচনা হৈছিল আৰু অখিল গগৈয়ে কংগ্ৰেছত যোগদান কৰাৰ এক যো-জাও চলাইছিল। গুজৰাটৰ হাৰ্দিক পেটেল আৰু অখিল গগৈয়ে প্ৰায় একে সময়তে কংগ্ৰেছত যোগ দিয়াৰ কথা আছিল আৰু তেওঁ ৰাহুল গান্ধীক এটা প্ৰস্তাৱ দিছিল যে কংগ্ৰেছত যোগ দিব কিন্তু তেতিয়াই তেওঁক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিব লাগিব’,-হিৰণ্য পাঠৰিৰ ভাষ্য।

কিন্তু লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰাৰ কোনো সম্ভাৱনা নথকা বাবেই অখিল গগৈয়ে কংগ্ৰেছত যোগ দিয়া নাই বুলিও পাঠৰিয়ে উল্লেখ কৰে।

সৌ সিদিনালৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তীব্ৰ আন্দোলন কৰি বিজেপিৰ বিৰুদ্ধে ৰাজপথ কঁপোৱা পাঠৰিয়ে এতিয়া সুৰ সলাই কয়, ‘’অখিল গগৈয়ে অসমত অশান্ত পৰিবেশ সৃষ্টি কৰি বিজেপি চৰকাৰৰ উন্নয়ণমূলক কামত বাধা জন্মোৱাৰ বাবেহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিছিল।‘’

‘কেব’ৰ আন্দোলনৰ জৰিয়তে অখিল গগৈয়ে ধন ঘটাৰ চেষ্টা চলোৱাৰো অভিযোগ আনে ন-বিজেপি হিৰণ্যই। লগতে অখিলে এই আন্দোলনেৰে অসমত পুনৰ কংগ্ৰেছৰ উত্থান ঘটোৱাৰ চেষ্টা চলাইছিল বুলিও তেওঁ মন্তব্য কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনৰ নেপথ্যত কংগ্ৰেছৰ হাত থকাৰ কথা কৈ অখিল গগৈসহ আন্দোলনকাৰীসকলক দিল্লীলৈ অহা যোৱা কৰা বিমানৰ খৰচ আৰু  থকা-খোৱাৰ সকলোখিনি কংগ্ৰেছেই বহন কৰিছিল বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, অখিল গগৈয়ে যোৱা ১০ এপ্ৰিলত গুৱাহাটীৰ ছয়মাইলৰ হিৰণ্যই বাস কৰা ফ্লেটলৈ গৈ তেওঁক হত্যাৰ ভাবুকি দিয়া বুলিও অভিযোগ কৰে। লগতে অখিল গগৈৰ একাংশ সমৰ্থকে তেওঁক যোৱা ১১ এপ্ৰিলত চিলাপথাৰত আৰু ১৪ এপ্ৰিলত ৰঙিয়াত আক্ৰমণৰো চেষ্টা চলায় বুলি অভিযোগ কৰে।

এই আটাইকেইটা অভিযোগ সামৰি মঙলবাৰে অখিল গগৈ আৰু তেওঁৰ ‘গুণ্ডাবাহিনী’ৰ বিৰুদ্ধে হিৰণ্য পাঠৰিয়ে দিচপুৰ থানাত এখন এজাহাৰো দাখিল কৰে।

আনহাতে, পাঠৰিয়ে অখিল গগৈয়ে কংগ্ৰেছৰ বি টীম হিচাপে কাম কৰি আছে বুলি চিধা অভিযোগ আনে। তদুপৰি,অখিল গগৈ আৰু ৭০ টা সংগঠনক কংগ্ৰেছে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বুলিও তেওঁ লগতে মন্তব্য কৰে।

Tags: নিৰ্বাচন ২০১৯
অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

September 11, 2025 9:45 am
ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

September 11, 2025 8:31 am
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

September 11, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

September 11, 2025 9:45 am
ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

September 11, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd