আৰ এছ এছ-বিজেপিয়ে অসম ধ্বংস কৰিব বিচাৰিছে : অখিল গগৈ

AkhilGogoi-1-750x375

‘’আৰ এছ এছ আৰু বিজেপিৰ অসম ধ্বংস কৰিবলৈ বিচাৰিছে। কিন্তু বিজেপিৰ হিটলাৰী শাসন আৰু সহ্য কৰা নহ’ব’’, -এইয়া কৃষক নেতা অখিল গগৈৰ ভাষ্য।শনিবাৰে তিনিচুকীয়া প্ৰেছ ক্লাবত ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ দ্বাৰা আয়োজিত সংবাদমেল সম্বোধন কৰি কৃষক নেতাগৰাকীয়ে কয় যে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬’ গৃহীত হ’লে অসমৰ পৰা পুলিয়ে-পোখাই উচ্ছেদ হ’ব বিজেপি।

তদুপৰি, বিজেপি, আৰ এছ এছ তথা অসম ধ্বংসৰ ষড়যন্ত্ৰকাৰীসকলে শীঘ্ৰেই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব বুলি হুংকাৰ দি অখিল গগৈয়ে লগতে কয় যে ধৰ্মৰ ভিত্তিত বিভাজন আৰ এছ এছ-বিজেপিয়ে ক’লেই মানি লোৱা নহ’ব। কোনো বিদেশীকে অসমত সংস্থাপন দিবলৈ দিয়া নহ’ব।

কৃষক নেতাজনে লগতে অসম আৰু অসমীয়াৰ স্বাভিমান, ভাষা-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে তীব্ৰ ৰূপত সংগ্ৰাম আগুৱাই নিয়া হ’ব বুলিও সদৰী কৰে।

দেওবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইত হ’বলগীয়া ‘সংকল্প শিখা যাত্ৰা’ কাৰ্যসূচী ঘোষণা কৰি ৰাজ্যৰ চাৰিটা স্থান ক্ৰমে তিনিচুকীয়াৰ শদিয়া, ডিফু, জোনাই আৰু ধুবুৰীৰ পৰা গুৱাহাটীলৈ মটৰ চাইকেল, গাড়ীৰে প্ৰতিবাদী সমদল কৰি সংকল্প যাত্ৰা কৰা হ’ব বুলিও অখিল গগৈয়ে জানিবলৈ দিয়ে।

উক্ত সংকল্প যাত্ৰাৰ সময়ত বিভিন্ন স্থানত পথ সভা, বিক্ষোভ আদি অনুষ্ঠিত কৰিব। শদিয়াৰ পৰা আৰম্ভ কৰা সংকল্প যাত্ৰাৰ নেতৃত্বত কৃষক নেতা অখিল গগৈ,মটক সন্মিলনৰ কাজল গোহাঁই, আটাছুৰ লিটুল বুঢ়াগোঁহাই, আটছাৰ ৰাজেন কুমাৰ, মৰাণ ছাত্ৰ সন্থাৰ নৱ মৰাণ, যুৱ-ছাত্ৰ পৰিষদৰ পলাশ চাংমাইকে ধৰি সহযোগী সংগঠনসমূহৰ নেতাসকল থাকিব বুলিও সংবাদেমেলত জানিব দিয়ে।

আনহাতে, আজি আৰম্ভ হ’বলগা এই সংকল্প শিখা যাত্ৰাই ৰাজ্যৰ বিভিন্ন স্থানত জনসজাগতা সৃষ্টি কৰাৰ পাছত অহা ১৬ নৱেম্বৰত গুৱাহাটীত সমাপ্ত কৰি সোইদিনা দিচপুৰত জনতা ভৱন ঘেৰাও কৰি দিল্লী-দিচপুৰক শেষ সকীয়নি দিয়াৰ কথাও জানিবলৈ দিয়ে।