এন আৰ চিক লৈ অসন্তুষ্ট আক্ৰাছুৱেও ঘোষণা কৰিলে অসম বন্ধ, দিল্লীত দিব ধৰ্ণা

অহা ২০ ছেপ্টেম্বৰত কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে পুনৰ অসম বন্ধ ঘোষণা কৰিছে। এন আৰ চিৰ ওপৰত অসন্তুষ্ট হৈয়ে আক্ৰাছুৱে এই অসম বন্ধ ঘোষণা কৰিছে।

শনিবাৰে অৰ্থাৎ ১৪ ছেপ্তেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৱে এই কথা জানিবলৈ দিয়ে।

সংবাদমেলত সংগঠনটোৱে এন আৰ চিৰ পৰা প্ৰায় ৫৮ হাজাৰ কোচ ৰাজবংশী লোকৰ নাম বাদি পৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

সংবাদমেলত সংগঠনটোৱে কোচ ৰাজবংশী লোকৰ নাম বিদেশী ন্যায়াধীকৰণৈ নোযোৱাকৈ এন আৰ চিত সন্নিৱিষ্ট কৰাৰ দাবীত অহা ২০ ছেপ্তেম্বৰত অসম বন্ধ ঘোষণা কৰিছে বুলি উল্লেখ কৰে।

লগতে অহা ৩০ ছেপ্তেম্বৰত সংগঠনটোৱে দিল্লীত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে। ইয়াৰ পিছতো যদি চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক সময়ত আৰু অধিক জংগী আন্দোলনৰ সন্মুখীন হ’বলৈ বাবে চৰকাৰক প্ৰস্তুত থাকিবলৈ সংবাদমেলৰ জৰিয়তে সংগঠনটোৱে স্পষ্ট কৰি দিয়ে।