পৰম্পৰা ভংগ কৰি আধুনিকতাৰ দিশত এখোজ! চৌদী আৰৱত উপলব্ধ হ’ব সুৰা, গাহৰি মঙহ!

Alcohol and Pork in Saudi Arabia

এইবাৰ মুছলমানসকলৰ পীঠস্থান তথা হজৰত মহম্মদৰ জন্মস্থলী চৌদী আৰৱত উপলব্ধ হ’ব সুৰা। কেৱল সেয়াই নহয়, সুৰাৰ স’তে থাকিব গাহৰি মাংস আৰু জুৱাও।

মুছলমানসকলৰ বাবে চিৰবৰ্জিত এই তিনিবিধ বিশেষ খাদ্য আৰু অভ্যাস সম্প্ৰতি দেশখনত শ্বৰিয়া আইন অনুসৰি বেআইনী হৈ আছে।

কিন্তু এতিয়াৰে পৰা এইসমূহত কোনো বাধা নাথাকিব। এই কথা প্ৰকাশ কৰিছে চৌদি আৰৱৰ যুৱৰাজ মহম্মদ বিন ছলমানে৷

দ্যা আটলাণ্টিক নামৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এখনি আলোচনীত দিয়া সাক্ষাৎকাৰত তেওঁ এই বিষয়ে সদৰী কৰিছে।

অৱশ্যে সমগ্ৰ চৌদী আৰৱ নহয়, কট্টৰ ইছলামিক দেশখনৰ এখন বিশেষ চহৰতহে এইসমূহ উপলব্ধ হ’ব। কিন্তু কিয় এই ব্যৱস্থা হাতত লোৱা হৈছে?

এই বিষয়ে যুৱৰাজ ছলমানে ব্যাখ্যা দাঙি ধৰে যে চৌদী আৰৱত বৰ্তমান ব্যাপক সংস্কাৰ চলাই থকা হৈছে। এই সংস্কাৰৰ যোগেৰে ইছলাম ধৰ্মৰ প্ৰকৃত শিক্ষালৈ উভতি যোৱা বুলি তেওঁ উল্লেখ কৰে।

তেওঁ কয় যে এয়াই আছিল পয়গম্বৰ মহম্মদে দেখুওৱা সঠিক আৰু মৌলিক পথ। ইছলামৰ এই পথটো এখন মুক্ত আৰু শান্তিপূৰ্ণ সমাজৰ।

হজৰতে মুছলমানসকলক সকলো সংস্কৃতি আৰু ধৰ্মক সন্মান কৰিবলৈ শিকাইছে বুলিও তেওঁ কয়।

ইয়াৰ উপৰিও সাক্ষাৎকাৰটোত চৌদি আৰৱৰ অৰ্থনীতিৰ উপৰতো যুৱৰাজ ছলমানে মন্তব্য কৰে। কয় যে দেশখনৰ উন্নতিৰ বাবে তেওঁ ভিজন ২০৩০ গ্ৰহণ কৰিছে।

এই অনুসৰি তেলৰ উপৰিও আন আন অৰ্থনৈতিক উৎসৰ পৰাও উপাৰ্জন বৃদ্ধি কৰাটো লক্ষ্য হিচাপে লোৱা হৈছে বুলি তেওঁ জনায়।

এই ভিজন ২০৩০ৰ অধীনত চৌদি আৰৱত এখন ক্ৰীড়া চহৰও নিৰ্মাণ কৰা হৈছে। এই চহৰখনতে সুৰা, জুৱা আৰু গাহৰিৰ মাংসৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকিব।

চহৰখনক চৌদী আৰৱৰ কট্টৰ চৰিয়া আইনৰ পৰা মুক্ত ৰখা হৈছে। চহৰখনলৈ অহা লোকসকলৰ পোছাক পৰিধানৰো কোনো বাধা-নিষেধ নাথাকিব।

মুছলমানসকলৰ পীঠস্থানত সুৰা, গাহৰি মাংসৰ দৰে খাদ্যক এইদৰে আঁকোৱালি লোৱাক লৈ সম্প্ৰতি তীব্ৰ চৰ্চা হৈছে।