NORTHEAST NOW (Assamese)

অসমত ২৯ মাৰ্চৰ পৰা হ’ব প্ৰৱল বৃষ্টিপাত, বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিলে অৰেঞ্জ এলাৰ্ট

March 27, 2021 6:09 pm · এন ই নাও নিউজ
Updated: March 27, 2021 6:11 pm

ৰাজ্যত কাইলৈ অৰ্থাৎ ২৯ মাৰ্চৰ পৰা প্ৰৱল বৃষ্টিপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আজি এক জাননী যোগে প্ৰকাশ কৰিছে।বতগ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কাইলৈৰ পৰা ২ এপ্ৰিললৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ধুমুহা-গাজনিৰে বৰষুণ হ’ব।

ইতিমধ্যে অসমকে ধৰি নাগালেণ্ড, মণিপুৰ , মেঘালয় আদি ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি কাইলৈ অৰ্থাৎ ২৯ মাৰ্চত  অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন অঞ্চলত প্ৰবল বৰষুণ হ’ব।

৩০ আৰু ৩১ মাৰ্চত বৰষুণপৰ মাত্ৰা বেছি হ’ব বুলি জানিব পৰা গৈছে।

২ এপ্ৰিলত  অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ পৰিমাণ পুনৰ বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।ৰাজ্যত আৰম্ভ হ’বলগীয়া বৰষুণৰ ফলত নিৰ্বাচনী প্ৰচাৰ আদিত ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে।

Related News