আলিবাবা গ্ৰুপৰ প্ৰতিষ্ঠাপক জেক মা এবছৰতকৈও অধিক সময়ৰ পিছত চীনলৈ উভতি আহিছে। সোমবাৰে তেওঁ দক্ষিণৰ হাংঝৌ চহৰৰ এখন বিদ্যালয় পৰিদৰ্শন কৰে। এখন ছবি অনলাইন আৰু সংবাদ মাধ্যমত বিয়পি পৰাৰ পিছতে জেক মাৰ চীনলৈ উভতি অহাৰ কথা জানিব পৰা গৈছে।
জেক মা-য়ে হাংঝৌ চহৰৰ উংগু বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ সৈতে দেখা কৰিছিল। বিদ্যালয়খন ২০১৭ চনত আলিবাবাৰ পুঁজিৰে প্ৰতিষ্ঠা কৰা হৈছিল।
বিদ্যালয় ভ্ৰমণৰ সময়ত কোটিপতি জেক মা-য়ে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ সৈতে শিক্ষা ব্যৱস্থা আৰু চৰ্চিত চ্যাটজিপিটি প্ৰযুক্তিৰ বিষয়ে কথা পাতে।
লগতে পঢ়ক: চৰকাৰৰ দৰ্প চূৰ্ণ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰিলে গঁড়, কাটি নিলে খৰ্গ
এইটো জানিব পৰা গৈছে যে জেক মা হংকত যাত্ৰা বিৰতিৰ শেষ কৰি চীনৰ মূল ভূখণ্ডলৈ উভতি আহিছে। তেওঁ হংকঙত তেওঁৰ বন্ধুবৰ্গক লগ পায়। এখন চিত্ৰ প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। চিত্ৰাংকন আৰু কলাৰ প্ৰতি জেক মাৰ আগ্ৰহ বহুত পুৰণি।
জেক মা-য়ে আলিবাবাৰ অধ্যক্ষ পদৰ পৰা অৱসৰ লৈছে। তেওঁ ২০১৯ চনত তেওঁৰ ৫৫ তম জন্মদিনত পদটো এৰিছিল। তেতিয়াৰ পৰা তেওঁ পৃথিৱীৰ বিভিন্ন দেশলৈ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ বিদেশ ভ্ৰমণৰ উদ্দেশ্য হৈছে কৃষি প্ৰযুক্তিৰ বিষয়ে জ্ঞান আহৰণ কৰা।
অৱশ্যে, জেক মা দীৰ্ঘদিন ধৰি সন্ধানহীন আছিল। তেওঁৰ অৱস্থান চিনাক্ত কৰিব পৰা হোৱা নাছিল। এই বিষয়ে বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।
লগতে পঢ়ক:সুষমা স্বৰাজৰ কন্যাৰ ৰাজনীতিত পদাৰ্পণ; দিল্লী বিজেপিৰ আইনী কোষৰ গুৰু দায়িত্বত বাঞ্চুৰী স্বৰাজ
ইপিনে, ২০২২ চনৰ নৱেম্বৰ মাহত জেক মা জাপানৰ টকিঅ’ত আছিল বুলি খবৰ পোৱা গৈছিল। তেওঁ ছয় মাহ ধৰি টকিঅ’ত বাস কৰিছিল।
সেই সময়ৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বেইজিঙে প্ৰযুক্তি কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে জেক মা টকিঅ’ত আত্মগোপন কৰিছিল। তেওঁ প্ৰায়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইল ভ্ৰমণ কৰিছিল। জেক মাৰ অৱস্থানৰ বিষয়ে জনা লোকসকলে এই তথ্য দিছে।
লগতে পঢ়ক: সুৰক্ষিত নহয় ৰাষ্ট্ৰীয় প্ৰতীক! দেশখনত ৫০ লাখ কেংগাৰু হত্যা কৰিব অষ্ট্ৰেলিয়াৰ চৰকাৰে
জেক মা চীনৰ আটাইতকৈ ধনী ব্যক্তি আছিল। তেওঁ প্ৰযুক্তি খণ্ডত দেশৰ আটাইতকৈ প্ৰভাৱশালী উদ্যোগীও আছিল। কিন্তু যেতিয়াই তেওঁ চীনা চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই সমস্যাটো আহিছিল। চৰকাৰক সমালোচনা কৰাৰ পিছত বেইজিঙে জেক মাৰ সংস্থাৰ বিৰুদ্ধে কঠিন পদক্ষেপ গ্ৰহণ কৰে। কঠোৰ নিৰীক্ষণত ৰখা হৈছে।