‘বাংলাদেশী নহয়’! গৰুখুঁটী উচ্ছেদত উচ্ছেদিত ২০৫১ টা পৰিয়ালক সংস্থাপন কৰা হ’ব দলগাঁৱত

Garukhuti eviction

অসম চৰকাৰে গৰুখুঁটী উচ্ছেদৰ উচ্ছেদিত পৰিয়াল সমূহৰ লগতে এতিয়াও গৰুখুঁটীৰ পৰা উচ্ছেদ কৰা হোৱা নাই তেওঁলোকক দলগাঁৱলৈ স্থানান্তৰ কৰাৰ লগতে সংস্থাপিত কৰা হ’ব বুলি ঘোষণা কৰিছে।

দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ কাৰ্যালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে, “দৰঙৰ উপায়ুক্তই কয় যে ২১ ছেপ্টেম্বৰ আৰু ২৩ ছেপ্টেম্বৰ ২০২১ তাৰিখে গৰুখুঁটীত উচ্ছেদ কৰা হৈছিল। কিছুমান পৰিয়াল এতিয়াও গৰুখুঁটী প্ৰকল্প অঞ্চলত আছে। যিসকলক উচ্ছেদ কৰা হৈছিল আৰু এতিয়াও উচ্ছেদ কৰা হোৱা নাই তেওঁলোকক দলগাঁও সমষ্টিলৈ স্থানান্তৰ কৰা হ’ব।”

বিবৃতিটোত লগতে কোৱা হৈছে যে গৰুখুঁটী প্ৰকল্প অঞ্চলৰ চৰকাৰী ভূমি বেদখল কৰি থকা ২০৫১ টা পৰিয়ালক দলগাঁও ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰা হ’ব।

ইয়াৰে ৬৩৩ টা পৰিয়ালক প্ৰথম পৰ্যায়ত স্থানান্তৰ কৰা হ’ব। আনহাতে আন সকলক পৰৱৰ্তী পৰ্যায়ত স্থানান্তৰিত কৰা হ’ব।

ইয়াৰে ৬৩৩ টা পৰিয়ালৰ নীজ-চালমাৰা আৰু ১ নং ধলপুৰত থকা ৪২৩ টা পৰিয়ালক আৰম্ভণিতে স্থানান্তৰ কৰা হ’ব। আনহাতে স্বেচ্ছাই অঞ্চলটো ত্যাগ কৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত বাস কৰা ২১০ টা পৰিয়ালক ৪২৩ টা পৰিয়ালৰ পিছত স্থানান্তৰ কৰা হ’ব।

এই ২০৫১ টা পৰিয়ালক দলগাঁও ৰাজহ চক্ৰৰ অধীনত ২০৫১ বিঘা ভূমিলৈ স্থানান্তৰ কৰা হ’ব। অৰ্থাৎ প্ৰতিটো পৰিয়ালক ১ বিঘাকৈ ভূমি প্ৰদান কৰা হ’ব।

এই প্ৰক্ৰিয়া সম্পাদন কৰিবলৈ ইতিমধ্যে এখন সমিতিও গঠন কৰা হৈছে।

পৰিয়ালবোৰক পূৰ্ব-নিৰ্ধাৰিত ভূমিত শান্তিপূৰ্ণভাৱে স্থানান্তৰ কৰা এই সমিতিয়ে সম্পূৰ্ণ দায়িত্ব ল’ব।

এতিয়া প্ৰশ্ন হয়, গৰুখুঁটীৰ উচ্ছেদৰ সময়ত এই উচ্ছেদিত লোকসকলক কি তথ্যৰ ভিত্তিত সন্দেহযুক্ত বাংলাদেশীৰ অভিধা দিয়া হৈছিল? নে চৰকাৰৰ ৰাজনৈতিক স্বাৰ্থৰ ‘বলিৰ পঠা’ বনোৱা হৈছিল এই সাধাৰণ শ্ৰমজীৱী লোক সকলক ?