NORTHEAST NOW (Assamese)

চাহ শ্ৰমিকৰ বোনাচ প্ৰদানৰ দাবীত মাৰ্ঘেৰিটাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

October 6, 2021 7:46 am · এন ই নাও নিউজ

চাহ শ্ৰমিকৰ ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত আৰু চাহ বাগিচাৰ দীৰ্ঘদিনে সমাধান নকৰা বিভিন্ন সমস্যা সমাধানৰ দাবীত মঙ্গলবাৰে মাৰ্ঘেৰিটা সমষ্টিৰ টিৰাপত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

টিৰাপৰ পাহাড়পূৰস্থিত জুৱেল আলি মালিকানাধীন চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক ২০ শতাংশ বোনাচ প্ৰদান নকৰাত বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ইয়াৰ ফলশ্ৰুতিত আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত বাগিচাখনৰ শ শ শ্ৰমিক ওলাই আহি চাহ বাগিচাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

দুৰ্গা পূজাৰ প্ৰকমুহূৰ্তত বাগিচাৰ শ্ৰমিকৰ২০ শতাংশ বোনাচ প্ৰদান নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ।

প্ৰতিবাদ স্থলীত আদিবাসী ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা মহকুমা ন্যায়াধীশৰ হাতত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

লগতে আদিবাসী ছাত্ৰ সন্থাই বাগিচাখনৰ ভূমিহীন শ্ৰমিকসকলক অতি শীঘ্ৰে ৬ বিঘাকৈ ভূমি আৱন্তন দিবলৈও দাবী জনায়।

Related News