NORTHEAST NOW (Assamese)

বিহু উদযাপনত চৰকাৰৰ নীতি-নিৰ্দেশনাৰ বিৰুদ্ধে লতাশিলত সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ

April 11, 2021 5:26 pm · এন ই নাও নিউজ
Updated: April 11, 2021 5:27 pm
প্ৰতিনিধিত্বমূলক ছবি

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি এতিয়া পদূলি মুখত। দেশত কোভিড পৰিস্থিতিৰ ব্যাপক অৱনতি ঘটাৰ সময়তে অসমত বিহু উদযাপনকলৈ অনিষ্চয়তাৰ সৃষ্টি হৈছিল।

ইয়াৰ মাজতে চৰকাৰে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনাৰ মাজেৰে বিহু পালনৰ অনুমতি দিছিল।

চৰকাৰৰ এনে কেতবোৰ নীতি-নিৰ্দেশনাৰ বিৰুদ্ধে আজি ৰাজ্যৰ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত প্ৰতিবাদ সাৱস্ত্য কৰে সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিয়ে।

ত্ৰিশ খন বিহু সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়াই কয় যে চৰকাৰে বান্ধি দিয়া সকলোবোৰ নীতি-নিৰ্দেশনাৰ তেওঁলোকে বিৰোধিতা নকৰে।

কিন্তু বিহু সমিতিৰ কৰ্মকৰ্তাসকলক ক’ভিড পৰীক্ষাৰ পৰা আঁতৰাই ৰাখিব লাগে।

উল্লেখ্য বিহু সমিতিৰ কৰ্মকৰ্তাসকলক অনুষ্ঠানৰ তিনি দিন পূৰ্বে আৰু অনুষ্ঠান শেষ হোৱাৰ তিনি দিন পিছত কোভিডৰ পৰীক্ষা কৰোৱাবলৈ কোৱা হৈছিল।

সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিয়ে লগতে বিহুৰ অনুষ্ঠিত কৰাৰ সময় নিশা ১-১.৩০ বজালৈ বৃদ্ধি কৰাৰো দাবী জনায়।চৰকাৰে নিশা ১১ বজাৰ ভিতৰত বিহুৰ সকলো কাৰ্যসূচী সামৰিবলৈ কৈছিল

উল্লেখ্য নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহু অহাৰ লগে লগে হঠাৎ অধিক চিৰিয়াছ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু বিহু পালনৰ ক্ষেত্ৰত সামাজিক দূৰত্বৰ কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে।

বিহু কেনেকৈ পালন কৰিব লাগে তাৰ এখন SOP প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই  কিছুদিন পূৰ্বে এখন সংবাদমেলত কৈছিল, ‘বিহু কমিটিয়ে চকীসমূহ সামাজিক দূৰত্ব মানি সজাব লাগে।‘

স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে ‘বিহুটো যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে দৈনিক ১ লাখকৈ কোভিড টেষ্ট কৰোৱা হ’ব।‘

মন্ত্ৰীগৰাকীৰ দিয়া তথ্য অনুসৰি ‘নিৰ্বাচনৰ পূৰ্বে দৈনিক ৭০০০-৮০০০ কোভিড টেষ্ট কৰোৱা হৈছিল আৰু আজিৰে পৰা ৩৫ হাজাৰ টেষ্ট কৰোৱাৰ ব্যৱস্থা কৰা হ’ব আৰু পৰ্য্যায়ক্ৰমে দৈনিক ১ লাখ টেষ্ট কৰোৱা হ’ব যাতে বিহুটো সুকলমে অনুষ্ঠিত কৰিব পাৰে।‘

সাধাৰণ মানুহৰ মনত প্ৰশ্ন হৈছে, ‘নিৰ্বাচনী প্ৰচাৰত ক’ৰ’না নহয় নেকি? বা বিহু অনুষ্ঠিত কৰিলেহে ক’ৰ’না হ’ব নেকি? নিৰ্বাচনী প্ৰচাৰত সামাজিক দূৰত্বৰ কথা উল্লেখ নকৰা মন্ত্ৰীজনে বিহুৰ সময়তহে কিয় সামাজিক দূৰত্বৰ কথা উল্লেখ কৰিলে? সেয়া বহুতৰে বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

Related News