• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাহুল দ্ৰাৱিড়ে এবাৰ অশ্ৰাব্য গালি বৰ্ষণ কৰিছিল মহেন্দ্ৰ সিং ধোনীক, চেহৱাগে জনালে এই কথা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2021 4:59 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

9k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ প্ৰাক্তন ক্ৰিকেট তাৰকা ৰাহুল দ্ৰাৱিড় সামাজিক মাধ্যমত তুমূল চৰ্চাত আছে।

সমগ্ৰ কেৰিয়াৰত এজন শীতল মস্তিষ্কৰ খেলুৱৈ হিচাপে নাম থকা দ্ৰাৱিড়ক সাধাৰণতে খঙাল- আগ্ৰাসী ৰূপত দেখাটো ব্যতিক্ৰম।

কিন্তু কিছু দিন পূৰ্বে ‘ইন্দিৰানগৰ কা গোন্দা’ শীৰ্ষক এটি বাণিজ্যিক বিজ্ঞাপনত তেওঁক এজন খঙাল মানুহৰ ৰূপত দেখা গৈছে।

এই সম্পৰ্কত ক্ৰিকেটাৰজনৰ সতীৰ্থ তথা প্ৰাক্তন তাৰকা বিৰেন্দৰ সেহৱাগে ৰাহুল দ্ৰাৱিড় সম্পৰ্কে এক বিশেষ ভাস্য প্ৰদান কৰিছে।

তেওঁ কৈছে যে এবাৰ দ্ৰাৱিড়ে মহেন্দ্ৰ সিং ধোনীৰ ওপৰত তীব্ৰ খং উজাৰিচিল।

সেইসময়ত মহেন্দ্ৰ সিং ধোনী ভাৰতীয় দলত এজন নৱাগত ক্ৰিকেটাৰ আছিল।

সেহৱাগে কয় যে দ্ৰাৱিড়ে ধোনীৰ প্ৰতি যি ইংৰাজী গালি ব্যৱহাৰ কৰিছিল, সি সেহৱাগক হতচকিত কৰি তুলিছিল।

তদুপৰি সেহৱাগক পাছত ধোনীয়ে কৈছিল যে পুনৰ দ্ৰাৱিড়ৰ পৰা অশ্ৰৱণীয় গালি ধোনীয়ে শুনিব নিবিচাৰে।

‘ক্ৰিকবাজ’ৰ এটা অনুষ্ঠানত আয়োজক সমীৰ কোচ্চাৰ আৰু আশীষ নেহৰাৰ আগত চেহৱাগে এইদৰে কয়।

সেহৱাগে কয় যে এই ঘটনা সংঘটিত হৈছিল পাকিস্তানৰ মাটিত হোৱা এটা শৃংখলাত, তেতিয়া ধোনী নৱাগত খেলুৱৈ আছিল।

এখন মেচত ধোনীয়ে এটা শ্বট মাৰে আৰু পইণ্টলৈ কেচ উঠে, যাৰ ফলত আউট হয়। তাৰপাছতে ধোনীৰ ওপৰত দ্ৰাৱিড়ে খং উজাৰি কয় যে ধোনীয়ে মেচখন চম্ভালি ল’ব লাগিছিল- সেহৱাগে এইদৰে কয়।

”মই দ্ৰাৱিড়ে ব্যৱহাৰ কৰা ইংৰাজী শব্দৰ ধুমুহাত হতচকিত হৈ পৰিছিলো, যদিও মই তাৰ আধাখিনিয়েই বুজি পোৱা নাছিলো।”- সেহৱাগে কয়।

”যেতিয়া পাছৰ বাৰ এমএছ ধোনীয়ে বেটিং কৰিছিল, তেতিয়া মই দেখিছিলো যে তেওঁ বহুত বেছি শ্বট খেলা নাছিল। মই তেওঁৰ ওচৰলৈ গৈছিলো আৰু সুধিলো কি হৈছে।”- সেহৱাগে কয়- ”তেওঁ ক’লে যে তেওঁ দ্ৰাৱিড়ৰ পৰা আৰু গালি শুনিব নিবিচাৰে।”

উল্লেখযোগ্য যে ২০০৪ চনৰ শেষৰফালে ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটা ধোনীয়ে কেৰিয়াৰৰ প্ৰথমফালে ৰাহুল দ্ৰাৱিড়ৰ নেতৃত্বত বহুকেইখন মেচ খেলিছিল।

Recent News

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd