ইৰাণে আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা কৰিছে! তেহৰানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াক লক্ষ্য কৰি ‘ডাৰ্টি বোম্ব’ বা ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ সন্ধান চলাইছে। আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহৰ শেহতীয়া মূল্যায়নত এনে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
এই খবৰ পোহৰলৈ অহাৰ লগে লগে আমেৰিকাৰ নিৰাপত্তা মহলত উদ্বেগ বিয়পি পৰিছে। আমেৰিকা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিকল্প প্ৰতিৰক্ষা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু হোৱাইট হাউছে দাবী কৰিছে যে এই মুহূৰ্তত আমেৰিকাৰ মূল ভূখণ্ডত আক্ৰমণৰ কোনো বিশ্বাসযোগ্য বা তাৎক্ষণিক ভাবুকি নাই।
আমেৰিকাৰ সাতজন বিষয়াৰ বক্তব্যৰ উদ্ধৃতি দি চিএনএনে এক বিশেষ প্ৰতিবেদনত এই দাবী উত্থাপন কৰিছে। তেওঁলোকৰ মতে, আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে লাভ কৰা নতুন তথ্যই ইংগিত দিয়ে যে ইৰাণে ৱাশ্বিংটনত ট্ৰাম্প প্ৰশাসনৰ গুৰুত্বপূৰ্ণ লোকসকলক লক্ষ্য কৰি লোৱাৰ সম্ভাৱ্য পৰিকল্পনা প্ৰস্তুত কৰি আছে। এই পৰিকল্পনাত তেজস্ক্রিয় পদার্থ ব্যৱহাৰ কৰি ডাৰ্টি বোমা বিস্ফোৰণ বা ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰৰ বিষয়টো সন্নিবিষ্ট কৰা হৈছে৷
চোৰাংচোৱা সূত্ৰই দাবী কৰিছে যে সম্ভাৱ্য আক্ৰমণৰ বাবে কিছুমান বিশেষ স্থান আৰু লক্ষ্য চিনাক্ত কৰা হৈছে। বিষয়টো পোহৰলৈ অহাৰ পিছতে বিগত এসপ্তাহত আমেৰিকা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে কেইবাখনো বৈঠকত মিলিত হৈছে। কিন্তু চোৰাংচোৱা বিষয়াসকলে কয় যে পৰিকল্পনা প্ৰস্তুত কৰাৰ অৰ্থ এইটো নহয় যে আক্ৰমণৰ সম্ভাৱনা আছে। বৰঞ্চ ইৰাণে সম্ভাৱ্য পৰিস্থিতিৰ বাবে একাধিক বিকল্প মুকলি কৰি ৰাখিব বিচাৰে বুলি ধাৰণা কৰা হৈছে।
দৰাচলতে এই ডাৰ্টি বোম্ব কি? সাধাৰণ পাৰমাণৱিক বোমাৰ পৰা ই পৃথক। এই ধৰণৰ অস্ত্ৰ প্ৰচলিত বিস্ফোৰক সামগ্ৰীৰ সৈতে তেজস্ক্ৰীয় পদাৰ্থ মিহলাই তৈয়াৰ কৰা হয়। বিস্ফোৰণৰ মাজেৰে তেজস্ক্রিয় পদাৰ্থটো চাৰিওফালে বিয়পি পৰে। ইয়াৰ উদ্দেশ্য পাৰমাণৱিক বিস্ফোৰণৰ দৰে বৃহৎ ধ্বংসলীলা কৰা নহয়, বৰঞ্চ মানুহৰ মাজত আতংক বিয়পাই বিস্তীৰ্ণ অঞ্চলত তেজস্ক্রিয় দূষণৰ সৃষ্টি কৰা।
আমেৰিকাৰ চোৰাংচোৱা সংস্থাই আশংকা কৰিছে যে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণতকৈ এনে অস্ত্ৰ নিৰ্মাণ তুলনামূলকভাৱে সহজ হ’ব পাৰে। কিন্তু ইৰাণৰ এনে আক্ৰমণ সংঘটিত কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী, জনশক্তি আৰু ব্যৱহাৰিক সামৰ্থ্য আছে নে নাই সেই সম্পৰ্কে এতিয়াও আমেৰিকাৰ চোৰাংচোৱা মহলত মতানৈক্য আছে।
এই আশংকাৰ মাজতে আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰা হৈছে বুলি খবৰ ওলাইছে। ইৰাণ সম্পৰ্কীয় ভাবুকিৰ পিছতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে গোপন সেৱাই তেওঁক সামৰিক আৱাসলৈ স্থানান্তৰিত কৰিছে। ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ট্ৰাম্পক হত্যাৰ ষড়যন্ত্ৰত ইৰাণৰ সম্ভাৱ্য সম্পৰ্কৰ তদন্ত কৰা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
আনহাতে ইৰাণে ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰৰ অভিযোগ পোনপটীয়াকৈ অস্বীকাৰ কৰিছে। ৰাষ্ট্ৰসংঘত ইৰাণৰ মিছনে কয় যে যিকোনো পৰিস্থিতিত ৰাসায়নিক অস্ত্ৰৰ ব্যৱহাৰ অবৈধ আৰু তেহৰাণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূৰ্ণ মিছা আৰু মনেসজা। অৱশ্যে ডাৰ্টি বোমাৰ সৈতে জড়িত চোৰাংচোৱা তথ্য সন্দৰ্ভত তেওঁলোকে পোনপটীয়াকৈ কোনো মন্তব্য কৰা নাই। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগেও এই সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাছিল।
আমেৰিকাই কেৱল ৱাশ্বিংটনৰ বিৰুদ্ধেই নহয়, মধ্যপ্ৰাচ্যত নিয়োজিত আমেৰিকাৰ সৈন্যৰ বিৰুদ্ধেও ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰৰ সম্ভাৱনা জুকিয়াই চাইছে। এই কাৰণে সামৰিক আৰু কূটনৈতিক কৰ্মীসকলৰ হাতত প্ৰয়োজনীয় সুৰক্ষা সঁজুলি আৰু প্ৰশিক্ষণ আছে নে নাই সেয়া পৰ্যালোচনা কৰা হৈছে।
মুঠতে ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা সংঘাতৰ মাজতে ৱাশ্বিংটনত নিৰাপত্তাৰ উদ্বেগ বৃদ্ধি পাইছে। বৰ্তমান আমেৰিকা প্ৰশাসনে আগতীয়াকৈ আক্ৰমণৰ আশংকা স্বীকাৰ কৰা নাই যদিও ট্ৰাম্প প্ৰশাসনে চোৰাংচোৱা প্ৰতিবেদনক গুৰুত্বসহকাৰে লৈছে।





