সোমবাৰে এক অভূতপূৰ্ব ঘটনাৰ সাক্ষী হ’ল উচ্চতম ন্যায়ালয়। দেশৰ শীর্ষ ন্যায়ালয়ত শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে ব্যক্তিগত আৰু অশোভনীয় মন্তব্য কৰা এজন অধিবক্তাক বিচাৰপীঠৰ পৰা বাহিৰ কৰি দিয়া হয়।
জৰুৰী শুনানিৰ বাবে অনুৰোধ জনাই বিচাৰপীঠৰ কাষ চাপি অহা অধিবক্তাগৰাকীয়ে মুখ্য ন্যায়াধীশগৰাকীৰ সততাক লৈ প্ৰশ্ন উত্থাপন কৰি দেশৰ সৰ্বোচ্চ ন্যায়িক পদত বহিব পৰাৰ যোগ্যতা তেওঁৰ নাই বুলি প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে।
অভিযোগ অনুসৰি পূৰ্বে মুখ্য ন্যায়াধীশৰ সন্মুখত দাখিল কৰা এটা বিষয়ৰ কোনো সঁহাৰি নোপোৱাৰ পিছতে অধিবক্তাগৰাকী ক্ষুব্ধ হৈ পৰিছিল আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল এই উত্তপ্ত বাক্-বিতণ্ডা। ইয়াৰ উপৰিও তেওঁৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ এটাৰ বাবেও যথেষ্ট ক্ষুব্ধ আছিল বুলি ধাৰণা কৰা হৈছে।
আইনী সংবাদ প্ৰতিষ্ঠান লাইভ ল’ৰ এক প্ৰতিবেদন অনুসৰি অধিবক্তাগৰাকীয়ে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহানাৰ বিচাৰপীঠত কয় যে তেওঁ এই বিষয়টো ২ নৱেম্বৰত মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ত দাখিল কৰিছিল।কিন্তু ১৫ দিনৰ পাছতো তেওঁ কোনো সঁহাৰি পোৱা নাই।
নিৰ্ধাৰিত ‘উল্লেখ’ (mentioning) পদ্ধতি অনুসৰণ নকৰাকৈ বিয়লি ২ বজাত বিষয়টো উত্থাপন কৰাৰ বাবে ক্ষমা বিচাৰি ন্যায়াধীশসকলক নথি-পত্ৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয়, “এই বিষয়টো ২ নৱেম্বৰত ন্যায়াধীশ (সূৰ্য্য কান্ত)ৰ কাৰ্যালয়ত দিয়া হৈছিল। ১৫ দিনৰ পাছতো তেওঁ মোক কোনো উত্তৰ দিয়া নাই। গতিকে মই ইয়ালৈ আহিবলৈ বাধ্য হৈছো।”
অধিবক্তাগৰাকীয়ে বিষয়টো উত্থাপন কৰা পদ্ধতিত আপত্তি কৰে ন্যায়াধীশ মোহনাই। তেওঁ কয়, “আপুনি এনেদৰে একো উল্লেখ (mention) কৰিব নোৱাৰে।”
অৱশ্যে বিষয়টো অতি জৰুৰী বুলি দাবী কৰি অধিবক্তাগৰাকীয়ে পুনৰ ক্ষমা বিচাৰি বিচাৰপীঠক নথি-পত্ৰ চাবলৈ অনুৰোধ জনায়। তেতিয়া মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে তেওঁক অপেক্ষা কৰাৰ নিৰ্দেশ দি কয়, “আমি চাম, আপুনি অলপ অপেক্ষা কৰক।”
কিন্তু অধিবক্তাগৰাকীয়ে অপেক্ষা কৰিবলৈ অস্বীকাৰ কৰি ব্যক্তিগতভাৱে মুখ্য ন্যায়াধীশক পোনপটীয়াকৈ আক্ৰমণ কৰে। তেওঁ কয়, “নাই, মই অপেক্ষা নকৰো। আপুনি সেই চকীখনত বহিব নোৱাৰে, আপুনি তাৰ যোগ্য নহয়, সেই পদত থাকিবলৈ আপোনাৰ সততা নাই!”
অধিবক্তাৰ এই অবাঞ্চিত মন্তব্যৰ লগে লগে আদালতৰ কাৰ্য্যবিধিৰ অডিঅ’-ভিডিঅ’ ফিড (লাইভ ষ্ট্ৰীমিং) বন্ধ কৰি দিয়া হয়। আদালতৰ কক্ষত উপস্থিত থকা আন অধিবক্তাৰ সূত্ৰ অনুসৰি এই তীব্ৰ তৰ্ক-বিতৰ্কৰ অন্তত অধিবক্তাজনক আদালতৰ বাহিৰলৈ উলিয়াই লৈ যোৱা হয়।





