উত্তৰ-পূব গ্ৰন্থমেলা বন্ধ কৰাৰ প্ৰতিবাদত ১ ছেপ্টেম্বৰত অৱস্থান ধৰ্মঘটৰ আহ্বান

l_North-East-Book-Fair-1510562598-678x381

বিগত বৰ্ষৰ উত্তৰ-পূব গ্ৰন্থমেলাৰ এটি মুহূৰ্ত। ফাইল ফটো

উত্তৰ-পূব গ্ৰন্থমেলাখন বন্ধ কৰাৰ প্ৰতিবাদত অহা ১ ছেপ্টেম্বৰৰ পুৱা ১০-৩০ বজাৰ পৰা গুৱহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসমৰ সকলো সাহিত্যিক বুদ্ধিজীৱী ৰাইজক লগত লৈ এই কাৰ্যসূচী ৰূপায়নৰ বাবে হাতত লোৱা হৈছে। উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত এটা বিবৃতিৰ যোগেদি সকলো গ্ৰন্থপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই।

বিবৃতিটোত সংস্থাই কয় যে গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কোনো চৰকাৰী সহায় নোহোৱাকৈ অসমৰে নহয়, ভাৰতবৰ্ষ তথা বিদেশৰো গ্ৰন্থমেলাত সংস্থাই যোগদান কৰি আহিছে আৰু ইয়াৰ লগে লগে অসমীয়া ভাষা-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰি আহিছে।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসমৰ গ্ৰন্থ আন্দোলনক আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে উত্তৰ-পূব গ্ৰন্থমেলাখনৰ লগতে অসমৰ বিভিন্ন ঠাইত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলাৰ সহ আয়োজক হিচাপে বিগত দুই দশকৰো অধিক কাল দায়িত্ব পালন কৰি আহিছে।

সংস্থাই এই বছৰো অহা ২৩ অক্টোবৰৰ পৰা অসমৰ বিভিন্ন স্থানত এলানি গ্ৰন্থমেলাৰ আয়োজন কৰিছে। সংস্থাই উত্তৰ-পূব গ্ৰন্থমেলাখন অহা ১ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈকে গুৱাহাটীৰ চানমাৰিৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত কৰাৰ বাবে অনুমতি লৈ আগধন দিছিল। গ্ৰন্থমেলাখনত যোগদানৰ বাবে দেশ-বিদেশৰ কেইবাটাও প্ৰকাশন গোষ্ঠীয়ে যোগদানৰ বাবে প্ৰ-পত্ৰও প্ৰেৰণ কৰিছে।

আনহাতে,ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰকাশন পৰিষদে উক্ত সময়ছোৱাত আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰখন নিজৰ নামত হস্তগত কৰি ৰাখিছে। প্ৰতিষ্ঠানটোৰ অধ্যক্ষই অহা মাৰ্চ মাহলৈকে খেলপথাৰখন খালী নাই বুলি জানিবলৈ দিছে।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিবৃতিটোৰ জৰিয়তে প্ৰকাশন পৰিষদৰ অধ্যক্ষ তথা সচিবক ৰাইজৰ গ্ৰন্থমেলা উত্তৰ-পূব গ্ৰন্থমেলাখন পূৰ্ব নিৰ্দ্ধাৰিত সময়সূচী মতে উক্ত স্থানত অনুষ্ঠিত কৰিবলৈ দি তেওঁলোকৰ শিশু গ্ৰন্থমেলাখন গুৱাহাটীৰ আন খেলপথাৰত অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে।