শিৱসাগৰত সদৌ অসম শিশু নাট সমাৰোহৰ সামৰণি: দিখৌমুখ মিলিত শিল্পী সমাজ আৰু বিশ্বনাথৰ মূৰ্চ্ছনা নাট্য দল শ্ৰেষ্ঠ বিবেচিত

Sivasagar

যোৱা ২৯ আৰু ৩০ জুলাইত শিৱসাগৰৰ যুৱদ’লত অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ সফল সামৰণি ঘটে। শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই নাট সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় ৩৭ টা শিশু নাট্য দলে অংশ গ্ৰহণ কৰে।

সমাৰোহত শিৱসাগৰৰে দিখৌমুখ মিলিত শিল্পী সমাজে প্ৰদৰ্শন কৰা নাটক ‘বাতি খালে আতি যায়, লুকাই খালে ঢুকাই যায়’ আৰু বিশ্বনাথ চাৰিআলিৰ মূৰ্চ্ছনা নাট্য দলে প্ৰদৰ্শন কৰা নাটক ‘কিযে খেলিমেলি’-এ যুটীয়াভাৱে শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰে।

গুৱাহাটীৰ নাট্যম দ্যা ছাইল্ড থিয়েটাৰ একাডেমী নাটক ‘বকুলো ফুলিব ৰামধেনুও ওলাব’ দ্বিতীয় শ্ৰেষ্ঠ বিবেচিত হোৱাৰ বিপৰীতে শিৱসাগৰৰ ফেৰেংগাদাও কালচাৰেল প্ৰডাকচনৰ নাটক ‘দীপ আৰু ৰূপাৰ নতুন নতুন বন্ধু’- তৃতীয় স্থান লাভ কৰে।

বঙাইগাঁৱৰ আকাশ গোষ্ঠীয়ে (প্ৰদৰ্শিত নাট: যন্ত্ৰ) শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰে।

প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ভাৰ্গৱ ডেকাই। শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে স্নেহা ভূঞাই। শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা লাভ কৰে প্ৰণাম কৌশিক গিৰি আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে স্নেহা দাসে।

ইপিনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে দিখৌমুখ মিলিত শিল্পী সমাজৰ মেঘালী শইকীয়া আৰু মনোৰঞ্জন শইকীয়াই। শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে আখৈফুটীয়া সাংস্কৃতিক সমাজৰ বিপুল বড়াই। শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ বঁটা লাভ কৰে জাগীৰোডৰ নাট্যলয় দলৰ মন্টু কুমাৰ দাসে।

ইপিনে প্ৰতিভাৱান শিশু অভিনেতা- অভিনেত্ৰীৰ বঁটা লাভ কৰে ক্ৰমে যুগান্তজিৎ হাজৰিকা, নিৰ্মান শৰ্মা, চিত্তৰঞ্জন গগৈ, বিকাশ বৰা, ৰিংকু বৰগোঁহাই, শিৱাংগী মনজিত, গীতৃষ্ণা মহন্ত, কৰ্ষিতা কাশ্যপ, অনামিকা গগৈ, প্ৰাক্ষী মহন্তই।

একাদশ শিশু নাট সমাৰোহত এই বৰ্ষত প্ৰতিযোগীসকলৰ মাজত ১ লাখ টকাৰ প্ৰাইজমনী প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত সংগীত শিল্পী মানস ৰবিনক ২০২২ বৰ্ষৰ সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা প্ৰদান কৰা হয়।