NORTHEAST NOW (Assamese)

সমাধান নহ’ল সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ সমস্যা; ২৮ ডিচেম্বৰত কাৰ্যনিৰ্বাহক সভা আহ্বান

December 25, 2018 12:42 pm · ইয়াছিন আলী
ফাইল ফটো

অহা ২৮ ডিচেম্বৰত ৰাতিপুৱা ১১ বজাত দিচপুৰ প্ৰেছ ক্লাৱত সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে। ৰাজ্য চৰকাৰে এইসকল শিক্ষকৰ সমস্যা সমূহ আজিলৈ সমাধান নকৰা বাবেই উক্ত সভাখন আহ্বান কৰা হৈছে বুলি সন্থাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে।

উল্লেখ্য যে শিক্ষকসকলৰ সমস্যা সমূহ সমাধানৰ বাবে যোৱা ৭ ছেপ্তেম্বৰত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্ৰ উপস্থিতিত শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল কিন্তু আজিলৈ শিক্ষকসকলৰ সমস্যাসমূহ সমাধান নহ’ল। সেয়ে সন্থাই পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কে সিদ্ধান্ত লোৱাৰ উদ্দেশ্যে ২৮ ডিচেম্বৰত উক্ত সভাখনৰ আহ্বান জনাইছে।

স্ক্ৰীনিং কমিটিৰ আওতাত থকা ২৪ খন জিলা সমিতিৰ সভাপতি, সম্পাদক, উপদেষ্টা সকলৰ লগতে কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াকৈ উক্ত গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকিবলৈ আহ্বান জনাইছে সমিতিৰ সভাপতি নীলমনি নাথ, সাধাৰণ সম্পাদক দিলীপ তাঁতী তথা যুটীয়া সম্পাদক আব্দুল মতলেবে।

Related News