ছেট্টী আয়োগৰ সা-সুবিধাৰ পৰা বঞ্চিত ৰাজ্যৰ ন্যায়িক কৰ্মচাৰী; ২ জুলাইত কৰ্মবিৰতি

দেশৰ বিভিন্ন আদালতত কৰ্মৰত ন্যায়িক কৰ্মচাৰীসকলৰ সেৱাবিধিকে ধৰি দৰমহা আৰু বিভিন্ন সা-সুবিধাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত ছেট্টী আয়োগ অনুমোদিত প্ৰস্তাৱসমূহ কাৰ্য্যকৰী নকৰাত ক্ষুব্ধ হৈছে ৰাজ্যৰ প্ৰায় ৪০০খন নিম্ন আদালতত কৰ্মৰত ৩ সহস্ৰাধিক ন্যায়িক কৰ্মচাৰী।

ইয়াৰ প্ৰতিবাদত ৰাজ্যৰ ন্যায়িক কৰ্মচাৰীসকলে অহা ২ জুলাইত কৰ্মচাৰীসকলে ২ ঘণ্টীয়া কৰ্মবিৰতি পালন কৰিব, শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক অনন্ত প্ৰসাদে এই কথা জনায়।

সংবাদমেলত প্ৰসাদে কয়, ২০০৯ চনতে উচ্চতম ন্যায়ালয়ে ছেট্টী আয়োগ গঠন কৰি এবছৰৰ ভিতৰত ন্যায়িক কৰ্মচাৰীসকলৰ অতিৰিক্ত সা-সুবিধাসমূহ প্ৰদান কৰিবলৈ এক জাননী জাৰি কৰিছিল।

‘’কিন্তু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত গাফিলতি কৰিছে আৰু উচ্চ ন্যায়ালয়ে এই কথাটো যিদৰে নিৰীক্ষণ কৰিব লাগিছিল, কৰা নাই‘‘, প্ৰসাদে কয়।

ন্যায়িক কৰ্মচাৰীসকলে পাব লগীয়া সা-সুবিধাসমূহৰ বিৱৰণ দি তেওঁ কয়, ‘‘ছেট্টী আয়োগৰ পৰামৰ্শ মতে কিছুমান পে’ স্কেল অনুমোদন কৰিছিল যদিও গ্ৰেড ১, গ্ৰেড ২, গ্ৰেড ৩ৰ পদ সমূহ কাৰ্য্যকৰী কৰা নাই। চিৰস্তাদাৰসকলক নতুনকৈ স্বীকৃতি দিয়া হৈছে যদিও কাৰ্য্যকৰী কৰা নাই। ফিক্সড পি এ কাৰ্য্যকৰী হোৱা নাই। তাতোকৈ ডাঙৰ কথা যে সেৱা বিধিটোৱেই বৰ্তমানলৈকে কাৰ্য্যকৰী হোৱা নাই। তথ্য মতে ২০১৪ চনতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক কৈ সেৱা বিধিৰ খচৰা পঠাইছিল যদিও ২০১৯ চন পৰ্য্যন্ত সেই বিধি কাৰ্য্যত পৰিণত হোৱা নাই। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে কৰ্ট মেনেজাৰৰ সেৱা বিধি কাৰ্য্যকৰী কৰাৰ নিৰ্দেশ দিছিল, যদিও ন্যায়িক কৰ্মচাৰীক ২০০৯ চনৰ পৰা ১০ বছৰ সেৱা বিধি (ছাৰ্ভিচ ৰুল) কাৰ্য্যকৰী হোৱা নাই।‘’

সেৱা বিধি কাৰ্য্যকৰী নোহোৱাৰ বাবে ন্যায়িক কৰ্মচাৰী নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে, জনালে সন্থাৰ সাধাৰণ সম্পাদক প্ৰসাদে।

অহা এমাহৰ ভিতৰত তেওঁলোকে লাভ কৰিব লগীয়া সা-সুবিধাসমূহ কাৰ্য্যকৰী কৰিবৰ বাবে তেওঁ সংবাদমেলতে আহ্বান জনাই কয়, ‘‘অন্যথা ২ জুলাইৰ দিনা ২ ঘণ্টীয়া কৰ্মবিৰতি পালন কৰা হ’ব। তাৰ পাছতো কাৰ্য্যকৰী নকৰিলে অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব।‘’