শিৱসাগৰত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ, বিতৰ্কিত কৃষি বিধেয়ক দাহ সংগঠনটোৰ

ফটো : নৰ্থ-ইষ্ট নাও

আইনত পৰিণত হোৱা কৃষি বিধেয়ক ২০২০ বাতিলৰ দাবীত আজি অনুসূচীত জাতি ছাত্ৰ সন্থাই শিৱসাগৰৰ দ’লমুখ চাৰিআলিত কৃষি বিধেয়ক ২০২০ৰ প্ৰতিলিপি দাহ কৰে।

সংগঠনটোৱে কৃষি বিধেয়ক ২০২০ বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে দেশৰ সকলো সম্পদ বিক্ৰী কৰি দেশৰ ধ্বংস যজ্ঞ পতাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। তেওঁ পাহৰি পেলাইছে যে ভাৰতবৰ্ষ এখনি কৃষি প্ৰধান দেশ আৰু কৃষকসকল হ’ল ভাৰতৰ অমূল্য সম্পদ। কিন্তু শাসনাধিষ্ঠ চৰকাৰখনে ভাৰতবৰ্ষৰ দৰিদ্ৰ, শ্ৰমিক আৰু কৃষকসকলক হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে’, এই মন্তব্য সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসৰ।

তেওঁ লগতে কয়, ‘ইয়াৰ বিপৰীতে তেওঁলোকে পূজিপতিৰ স্বাৰ্থত কাম কৰিছে। তিনিখনকৈ কৃষি বিধেয়ক গৃহীত কৰি চৰকাৰখনে এই কথা প্ৰমাণ কৰিলে। এই বিধেয়ক ভাৰতবৰ্ষৰ কৃষকসকলে বিৰোধিতা কৰিছে। এয়া আমি মানি ল’ব নোৱাৰো’।

আনহাতে জিলা সমিতিৰ সভাপতি বিদ্যুৎ দাসে কয়, ‘কা বিৰোধি আইনৰ ক্ষোভ এতিয়াও শেষ হোৱা নাই, আকৌ কৃষক বিৰোধী আইন কোনো কাৰণতে মানি লোৱা নহ’ব। এই চৰকাৰখনে আমাক শান্তিত জীয়াই থাকিবলৈ নিদিয়ে। এইখন এখন ফেচিষ্ট আৰু গণতন্ত্ৰ বিৰোধী চৰকাৰ’।

জিলা সমিতিৰ সাধাৰণ সম্পাদক মৃদুল দাসে বিজেপি চৰকাৰ শাসনত থকালৈকে ভাৰত তথা অসমৰ কোনো নাগৰিকেই সুৰক্ষিত নহয় বুলি অভিহিত কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক বেপাৰী আখ্যা দিছে সম্পাদক গৰাকীয়ে। ইয়াৰ লগতে তেওঁ কয় যে ভাৰতবৰ্ষত এটা প্ৰবচন চলি আহিছে যে নাঙল যাৰ মাটি তাৰ ।

উল্লেখ্য যে, সন্থাই সমগ্ৰ অসমতে কৃষি বিধেয়ক বিৰোধিতাৰে এক প্ৰবল সংগ্ৰাম গঢ়ি তুলাৰ হুংকাৰ দিয়ে।