NORTHEAST NOW (Assamese)

নগাঁৱৰ চাপানলাৰ লুংচুং চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থা-চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

September 14, 2018 5:05 pm · বিদ্যুৎ জ্যোতি বৰা

নগাঁও জিলাৰ চাপানলাৰ লুংচুং চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চাপানলাৰ উপ শাখাৰ উদ্যোগত আৰু চাহ শ্ৰমিকৰ সহযোগত আজি দীৰ্ঘদিনীয়া দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰীদ্বয় পল্লব লোচন দাস আৰু চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদী শ্ল’গান দি লুংচুং চাহ বাগিচাৰ কাৰ্যালয়ত আজি শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰাপ্ত তথ্য মতে চাহ বাগিচাত কাম কৰা শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত চাহ জনজাতি ছাত সন্থাই তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ৷

প্ৰতিবাদকাৰী সকলে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে আজিৰ প্ৰতিবাদী কাৰ্যসূচীতে যদি তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ চৰকাৰে পূৰণ নকৰে তেনেহ’লে অহা পঞ্চায়ত আৰু লোকসভাৰ নিৰ্বাচনত বিজেপিক চাহ বাগিচা অঞ্চলত প্ৰৱেশ নিষেধ কৰিব বুলি ছাত্ৰ সংগঠনটোৱে সকীয়াই দিয়ে।

Related News