‘বেলতলা কাণ্ড’ৰ নিৰ্যাতিতা লক্ষী ওৰাঙৰ নেতৃত্বত বিশ্বনাথত আছাৰ উত্তাল প্ৰতিবাদ

‘বেলতলা কাণ্ড’ৰ নিৰ্যাতিতা লক্ষী ওৰাঙৰ নেতৃত্বত আজি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আছা)ৰ শতাধিক কৰ্মীয়ে বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখযোগ্য যে আজি বহু দিন ধৰি আছাই চাহ মজদুৰ সকলৰ ন্যায্য প্ৰাপ্যৰ দাবীত চৰকাৰৰ ওচৰত আবেদন নিবেদন তথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰি আহিছে যদিও এই পৰ্যন্ত চৰকাৰে তেওঁলোকৰ দাবী সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই।

যাৰ বাবে আজি পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ল সংগঠনটোয়ে। প্ৰতিবাদকাৰী সকলে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ মজদুৰ সকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, ভূমি পট্টা প্ৰদান কৰাকে ধৰি বিভিন্ন দাবীত পৰিৱেশ উত্তাল কৰি তোলে।

আনহাতে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীক কোলাত সন্তানক লৈ নেতৃত্বত দিয়া বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষী ওৰাঙে ক্ষোভ প্ৰকাশ কৰি কয় যে ১৯৯৬ চনৰ পৰা জনজাতিকৰণৰ বাবে দাবী জনাই থকাৰ পিছতো ভাৰত চৰকাৰে তেওঁলোকক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে।

আজি ১১ বজাৰ পৰা ৩ বজালৈকে ৪ ঘণ্টা ধৰি চলা উক্ত ধৰ্ণা কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰী সকলে বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।