বিজেপি মিত্ৰজোঁটক বাদ দি কম বিপজ্জনক দলক ভোট দিয়ক : ট্ৰাইবেল সংঘ

“ছয় জনগোষ্ঠীক জনজাতিকৰণ সমৰ্থন কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা দলক বৰ্জন কৰক”

Tribal-Sangha

এখন সংবাদমেলত সদৌ অসম ট্ৰাইবেল সংঘৰ বিষয়ববীয়াসকল। ফাইল ফটো।

ছয় জনগোষ্ঠীক জনজাতিকৰণ সমৰ্থন কৰা দলৰ প্ৰাৰ্থীক ভোট নিদিবলৈ আহ্বান জনাইছে সদৌ অসম ট্ৰাইবেল সংঘই। আজি পল্টনবজাৰস্থিত ট্ৰাইবেল ৰে’ষ্ট হাউছত এখন কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি ট্ৰাইবেল সংঘই জনসাধাৰণক এই আহ্বান জনাইছে।

জনজাতীয় সংগঠন তথা ৰাইজক সম্পূৰ্ণ আন্ধাৰত ৰাখি বিজেপি চৰকাৰে একমাত্ৰ ভোটৰ স্বাৰ্থত জনবহুল আৰু আগৰণুৱা জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ মৰ্য্যাদা দিয়াৰ বাবে ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক দাখিল কৰিলে বুলি নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত জনায় ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে।

ইপিনে, ৰাজ্যসভাত এই বিধেয়কখন গৃহীত নহ’লেও বিধেয়কখন বাতিল হোৱা নাই বুলি খাখলাৰীয়ে বিজ্ঞপ্তিত উল্লেখ কৰে।

তেওঁ আৰু কয়, “এইবাৰ বিজেপি শাসনলৈ পুনৰবাৰ আহিলে বিধেয়কখন গৃহীত কৰাব। বৰ্তমান স্বীকৃতিপ্ৰাপ্ত  প্ৰকৃত জনজাতিসকল সকলো দিশৰ পৰা ধ্বংসপ্ৰাপ্ত হ’ব।”

আনহাতে, কংগ্ৰেছ দলেও ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সমৰ্থন কৰিছে বুলি জানিবলৈ দি খাখলাৰীয়ে কয় যে কংগ্ৰেছেও শাসনলৈ আহিলে ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইপিনে, অন্য কি বিকল্পক জনসাধাৰণে সমৰ্থন জনাব সেই কথা স্পষ্টকৈ প্ৰকাশ নকৰিলেও নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথাবতৰাত বিজেপি আৰু মিত্ৰজোঁটক বাদ দি “কম ক্ষতিকৰ দলক জনসাধাৰণে সমৰ্থন জনাব লাগে” বুলি কয় খাখলাৰীয়ে।

“কম ক্ষতিকৰ দলক সমৰ্থন জনাবৰ বাবে জনসাধাৰণক আহ্বান জনাইছো। নিৰ্দিষ্টভাৱে কাকো দেখুৱাই দিয়া হোৱা নাই কাক ভোট দিব লাগিব। কিন্তু এটা কথা সঠিক যে বিজেপি অগপ, বিপিএফৰ বিৰুদ্ধে ভোটদান কৰিব লাগে।” খাখলাৰীয়ে কয়।

তদুপৰি, সংঘৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাই নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ প্ৰাৰ্থীক ভোট দিবৰ বাবেও আহ্বান জনায়।

“অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দল-সংগঠন আৰু ৰাইজৰ তীব্ৰ বিৰোধিতাৰ সত্ত্বেও বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন বিগত লোকসভাৰ অধিৱেশনত গৃহীত কৰাই ৰাজ্যসভাতো গৃহীত কৰালে। কিন্তু বিভিন্ন পক্ষৰ বিৰোধিতা আৰু তৎপৰতাত ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিব নোৱাৰিলে। কিন্তু এনডিএ চৰকাৰ পুনৰ শাসনলৈ আহিলে বিধেয়কখন গৃহীত কৰাবই বুলি বিভিন্ন সভাই-সমিতিয়ে ৰাষ্ট্ৰীয় নেতৃত্বই দাম্ভিকতাৰে বক্তব্য ৰাখিছে।” বিজ্ঞপ্তিটোত এইদৰে কোৱা হয়।