NORTHEAST NOW (Assamese)

আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সদৌ বিশ্বনাথ জিলা আক্ৰাছু

July 29, 2021 2:44 pm · কাজি জেইদুল ইছলাম
ফটো: নৰ্থইষ্ট নাও।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ আজি ৩১ তম্ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস৷ সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো সদৌ বিশ্বনাথ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই অনুষ্টুপীয়াকৈ হ’লেও কভিড প্ৰ’টকল মানি প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা দেখা যায় ৷

এই অনুষ্ঠানতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে বিশ্বনাথ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি পিংকু হাজৰিকা আৰু সহকাৰী সম্পাদক লক্ষ্মীনাথ হাজৰিকাই ৷

ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কৰা হয় আৰু অসম-মিজোৰামত শ্বহীদ হোৱা ৬ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাৱা হয়।

উপস্থিত থাকে কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াৰ লগতে কোচ ৰাজবংশী সন্মিলনীৰ সদস্যসকল ৷

ইফালে, ২০১৩ আৰু ২০১৭ চনতে অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলৰ জনজাতিকৰণকলৈ চৰকাৰে আলোচনা কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত সেয়া আজি পৰ্যন্ত হৈ নুঠিল ৷

শাসকীয় চৰকাৰখনেও বৰ্তমান এই ভূমিপুত্ৰ সকলক লৈ শোষণ-নিষ্পেষন আৰু ৰাজনীতিকৰণ কৰি টোপ দি ৰাখিছে এই জাতিটোক ৷

এইলৈ ক্ষুব্ধ হৈ প্ৰতিষ্ঠা দিৱসৰ দিনাই এক সংবাদমেল আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে কৰি গৰজি উঠে কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷

জনজাতিকৰণ, গোহাঁই কমল আলিক পুনৰ উদ্ধাৰ কৰি পৃথক কমতাপুৰ পুনঃ গঠন কৰি কমতাপুৰ হিচাপে স্বীকৃতি দিবলৈ চৰকাৰক দাবী জনায় আক্ৰাছুৱে ৷

অন্যথা, যিকোনো জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত হৈ আছে বুলি কোচ ৰাজবংশী ছাত্ৰ সন্থাই ব্যক্ত কৰে ৷

Related News