NORTHEAST NOW (Assamese)

পথ নে পুখুৰী? বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাই মাছ ধৰিলে ৰঙিয়াৰ গোৰেশ্বৰ পথত

June 16, 2019 8:17 pm · এন ই নাও নিউজ

সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থাই আজি ৰঙিয়া লচিবাৰী গোৰেশ্বৰ পথত এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি পথ মেৰামতিৰ দাবী জনায়।

ছাত্ৰ সন্থাৰ প্ৰায় অৰ্ধশতাধিক সদস্য উপস্থিত থাকি উক্ত বিধ্বস্তপ্ৰায় পথটোত জাকৈ, জাল মাৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা সংগঠনটোৰ সাধাৰণ সম্পাদক নজৰুল ইছলামে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীক তীব্ৰ সমালোচনা কৰে।

প্ৰায় ১৪ বছৰ ধৰি উক্ত বিধ্বস্ত পথটোৰ বাবে স্থানীয় ৰাইজে দুৰ্ভোগ ভূগিব লগীয়া হৈ আহিছে। ফলত আজি ছাত্ৰ সংগঠনটোৱে অতি শীঘ্ৰে পথটো মেৰামতি কৰি স্থানীয় ৰাইজক যমৰ যাতনাৰ পৰা মুক্তি দিয়াৰ দাবী জনাইছে।

Related News