অসমত ১৯৫১ চনৰ আগৰ ভাৰতীয় নাগৰিকহে হ’ব অসমীয়া : অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ আছুৰ

আছুৰ উপদেষ্টা আৰু জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই অসমীয়া সংজ্ঞাক লৈ কি ক’লে?

1486e883-bd95-4425-a64e-f2f45097101c

১৯৫১ চনৰ পূৰ্বৰ ভাৰতীয় নাগৰিকহে অসমত অসমীয়া হিচাপে চিহ্নিত কৰাৰ বাবে দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।

সেই অনুসৰি ৬ নং দফা ৰূপায়ণৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিৰ আসন সংৰক্ষণৰ সন্দৰ্ভত নিৰ্ধাৰণ কৰিছে অসমীয়াৰ সংজ্ঞা।

আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছুৰ শ্বহীদ ন্যাসত সম্বোধন কৰা সংবাদমেলত জনোৱা অনুসৰি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সুৰক্ষা কৱচ নিশ্চিত কৰাৰ উদ্দেশ্যে তথা আসন সংৰক্ষণত খিলঞ্জীয়া লোকে অগ্ৰাধিকাৰ লাভ কৰাৰ উদ্দেশ্যে উচ্চস্তৰীয় কমিটিয়ে নিৰ্ধাৰণ কৰি উলিয়াইছে অসমীয়াৰ সংজ্ঞা।

অসমীয়াৰ সংজ্ঞা নিৰূপণৰ আধাৰ ব্যক্ত কৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয় ‘অসমীয়া খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, অসম বিধান সভা, স্থানীয় নিগম-নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা। ১৯৫১ চনৰ পৰা ৭১ চনলৈকে ইতিমধ্যে বিদেশীৰ বোজা লোৱা বাবে ১৯৫১ চনৰ আগৰ মানুহখিনিৰ বাবেহে সাংবিধানিক সুৰক্ষা কৱচৰ কথা কোৱা হৈছে। ১৯৫১-৭১ চনলৈকে থকাখিনি কেৱল ভাৰতীয় নাগৰিক হিচাপেহে থাকিব। ১৯৫১ চনৰ আগৰ ভাৰতীয় নাগৰিকৰ সতি সন্ততিসহ এই অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হৈছে।‘

তেওঁ লগতে কয় ‘কেন্দ্ৰীয় চৰকাৰৰ টাৰ্মছ অৱ কণ্ডিশ্যনত সংসদ শব্দটো নাই। যিহেতু ভি কে পিল্লাই কমিটিত ইতিমধ্যে সিদ্ধান্ত হৈ আছে গতিকে সাংসদৰ ক্ষেত্ৰতো আসন সংৰক্ষণ লাগিব। আসন সংৰক্ষণৰ বাবেহে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হৈছে।‘

‘পাছত প্ৰতিবেদনৰ বিষয়ে যি আলোচনা হ’ব সেয়া এইটো অসমীয়া সংজ্ঞা অনুসৰিয়েই হ’ব। সংসদ, বিধানসভা, নিগম নিকায় ইত্যাদিৰ ক্ষেত্ৰত ১০০ শতাংশই আসন সংৰক্ষণৰ কথা কোৱা হৈছে। কমিটিৰ বাকী সদস্যসকলে ৮০ শতাংশ আসন সংৰক্ষণ বিচাৰিছিল যদিও আছুৱে ১০০ শতাংশই বিচাৰিছে।‘ তেওঁ এইদৰে কয়।

ইয়াৰোপৰি এই আধাৰতে চৰকাৰী চাকৰিৰ আসন সংৰক্ষণ বিচৰা বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয় ‘চৰকাৰী খণ্ডত চাকৰি ৮০ শতাংশ সংৰক্ষণ আৰু ব্যক্তিগত খণ্ডত ৭০ শতাংশ সংৰক্ষণ আমি বিচাৰিছো।‘

আনহাতে, সেই একেখন সংবাদমেলতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সংযোগ হোৱা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই অসমীয়াৰ সংজ্ঞাৰ ওপৰত বক্তব্য ৰাখি কয় ‘১-১-১৯৫১ ৰ আগত অসম বুলি যি এলেকা আছিল বা সেই এলেকাৰ ভিতৰত যিসকল অন্তৰ্ভুক্ত হৈছিল সেইসকলক অসম চুক্তিৰ ৬(ক) দফাৰ জৰিয়তে অসমীয়াৰ সংজ্ঞাৰ ভিতৰত সামৰি লোৱা হৈছে।‘

তেওঁ লগতে কয় ‘মূল প্ৰশ্ন হৈছে ৬ দফাত উল্লেখিত কি কি অধিকাৰ কোনে কোনে লাভ কৰিব? সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তি স্বাক্ষৰ কৰোতে এইসকল লোকক সহজভাৱে অসমীয়া বুলি স্বাক্ষৰ কৰি থৈছিল।’

‘যদি খিলঞ্জীয়া অসমীয়া সম্প্ৰদায়ে অধিকাৰসমূহ পাব বুলি বুলি ভবা হয়, তেন্তে জনজাতীয় বা অজনজাতীয় খিলঞ্জীয়া বা ১৯৫১ ৰ আগৰ চাহ বনুৱাসকল অসমীয়া সংজ্ঞাৰ ভিতৰত অন্তৰ্ভুক্ত নহ’ব। সেয়েহে এই সংজ্ঞা বঢ়াই দিয়া হৈছে। এতিয়া ১৯৫১ চনৰ পূৰ্বৰে পৰা অসমত বাস কৰি অহা সকলো জাতি-জনগোষ্ঠীকে অসমীয়া সংজ্ঞাটোৰে সামৰি লোৱা হৈছে।’