NORTHEAST NOW (Assamese)

ক’ৰ’না মুক্ত গোৱা; আৰোগ্য ক’ৰ’না আক্ৰান্ত আটাইকেইগৰাকী ব্যক্তি

April 19, 2020 6:08 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা বৰ্তমান সম্পূৰ্ণ ৰূপে মুক্ত হৈছে গোৱা।

গোৱাৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিৎ ৰানে দেওবাৰে ৰাজ্যখনৰ ক’ৰ’নাত আক্ৰান্ত হোৱা ৭ গৰাকী ৰোগীৰ আটাইকেইগৰাকী ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠা বুলি জানিবলৈ দিয়ে।

‘‘বৰ্তমান গোৱাত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা শূন্য,’’ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

‘‘মই নিজৰ জীৱনকো তুচ্ছ কৰি নিস্বাৰ্থ আৰু ভাগৰবিহীনভাৱে ক’ৰ’নাত আক্ৰান্ত ৰোগী সকলক চিকিৎসা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো,’’ বিশ্বজ্যিৎ ৰানে কয়।

উল্লেখযোগ্য যে, পৰ্যটনৰ বাবে বিখ্যাত গোৱালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক প্ৰতিবছৰে আহে আৰু বৰ্তমান সমগ্ৰ দেশত ল’কডাউন চলি থকা বাবে গোৱাৰ পৰ্যটনক্ষেত্ৰ বৃহৎ লোকচানৰ সন্মুখিন হ’বলগীয়াত পৰিছে।

ভাৰতত বৰ্তমানলৈ ১৬,০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫০০ কৈ অধিক লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

দেশৰ জনসাধাৰণৰ বাবে সুখবৰটো হৈছে ২০০০ কৈ অধিক লোক দেশত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

Related News