NORTHEAST NOW (Assamese)

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

April 22, 2021 9:33 pm · কল্পজ্যোতি শইকীয়া
Updated: April 22, 2021 10:11 pm

কামৰূপ মহানগৰ জিলাৰ  শিক্ষা প্ৰতিষ্ঠান বন্ধ সন্দৰ্ভত আজি অসম চৰকাৰৰ আয়ুক্ত সচিবে আজি এক বিশেষ নিৰ্দেশনা জাৰি কৰে।

নিৰ্দেশনা অনুসৰি যিটো দিনত কামৰূপ মেট্ৰ’ত ১০০০ কোভিড ৰোগী হ’ব সেই দিনটোতে জিলা খনৰ উপায়ুক্তই  সকলো চৰকাৰী-বেচৰকাৰী স্কুল, মহাবিদ্যালয় আৰু বিশ্ব বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিব পাৰিব।।

তেনে ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ লগতে সকলোধৰণৰ হোষ্টেল, কোচিং চেণ্টাৰ বন্ধ ৰখা হ’ব।

শিক্ষা বিভাগৰ আয়ুক্ত সচিব  প্ৰীতম শইকীয়াই উক্ত নিৰ্দেশনা যোগে কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ কৰাৰ কৰ্তৃত্ব জিলা উপায়ুক্তক আজি প্ৰদান কৰে।

তাৎক্ষণিক ভাবে শিক্ষানুষ্ঠান বন্ধ কৰিব লাগিলে সেয়া প্ৰথমাৱস্থাত অহা ৪ মে পৰ্যন্ত বন্ধ  ৰাখিবলৈ নিৰ্দেশনা খনত কোৱা হৈছে।

অৱশ্যে, অনলাইন মাধ্যমৰে চলাব পাৰিব শিক্ষানুষ্ঠানৰ পাঠদান।

উল্লেখযোগ্য  যে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কোভিড আক্ৰান্তৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিলে গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰা হ’ব বুলি কৈছিল।

ইয়াৰ মাজতে শিক্ষা বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা নিৰ্দেশনাৰ পিছত জিলা উপায়ুক্তই পৰিস্থিতি অধ্যয়ন কৰি ব্যৱস্থা গ্ৰহণৰ কৰ্তৃত্ব লাভ কৰিলে।

জিলা উপায়ুক্তই বিদ্যালয় বন্ধৰ ঘোষণা নকৰা পৰ্যন্ত কোনো বিদ্যালয় বন্ধ নহ’ব।

এতিয়ালৈকে জিলা উপায়ুক্তই তেনে কোনো নিৰ্দেশনা জাৰি কৰা নাই।

 

Related News