• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজ অসাৱধান হ’লে দিল্লীৰ দৰেই অক্সিজেনৰ নাটনি ঘটিব নেকি অসমৰ চিকিৎসালয়ত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 23, 2021 6:47 am
Oxygen scarcity

প্ৰতিনিধিত্বমূলক ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত দৈনিক ৩ লাখৰো অধিক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ লগতে দৈনিক গড়ে মৃত্যুক আকোৱালি লৈছে ২ হাজাৰ লোকে।

তাৰ মাজতে প্ৰকাশ পাইছে দিল্লীৰ চিকিৎসালয়ত অক্সিজেনৰ অভাৱৰ বাতৰি।

Apply Now

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত কোভিডে পাতিছে মৃত্যুৰ উৎসৱ।

চৌদিশে কেৱল ৰোগী আৰু ৰোগী। ৰোগীৰ সংখ্যা যিদৰে বাঢ়িছে, একেদৰে বাঢ়িছে মৃতকৰ সংখ্যাও।

দিল্লীৰ বহু চিকিৎসালয়ত এতিয়া ৰোগীৰ বাবে অক্সিজেনৰ তীব্ৰ নাটনিয়ে দেখা দিয়া পৰিলক্ষিত হৈছে।

দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়াই প্ৰকাশ কৰা মতে মঙলবাৰৰ পুৱাৰে পৰা তেওঁ বিভিন্ন চিকিৎসালয়ৰ পৰা অক্সিজেন শেষ হোৱাৰ বাৰ্তা পাই আছে।

আন চিকিৎসালয়ৰ পৰা অক্সিজেন যোগান ধৰাৰ বাবে চেষ্টা চলাই আছে যদিও সেয়াও পৰ্যাপ্ত হোৱা নাই।

এই খবৰৰ মাজতে এক প্ৰশ্ন উত্থাপিত হৈছে। অসমৰ চিকিৎসালয়তো নাটনি হ’ব নেকি অক্সিজেনৰ?

ক’ৰ’ণা আক্ৰান্তৰ হাৰ অত্যাধিক বৃদ্ধি হ’লে ‘দিল্লীৰ দৰেই অৱস্থা হ’ব নেকি অসমত?’ সঠিক ৰূপত অক্সিজেনৰ যোগান ধৰিব পাৰিব নে ৰাজ্যৰ চিকিৎসালয়সমূহে?

এই কথাৰ উমান ল’বলৈ আমি উপস্থিত হৈছিলো মহানগৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু কালাপাহাৰস্থিত কোভিড হাস্পতালত।

তিনিওখন হাস্পতালতে বৰ্তমান সময়ত অক্সিজেনৰ নাটনি হোৱা নাই যদিও পূৰ্বৰ তুলনাত ৰোগীৰ ক্ষেত্ৰত অত্যাধিক হাৰত ব্যবহৃত হৈছে অক্সিজেন। ক’ৰ’নাৰ সংহাৰী ৰূপৰ বাবেই দুই-তিনিগুণ পৰ্য্যন্ত বৃদ্ধি হৈছে অক্সিজেনৰ ব্যৱহাৰ।

GMCH ত কৰ্মৰত এজন লোকে জনোৱা অনুসৰি GMCH ত পূৰ্বতে দৈনিক ৩০-৩৫ টা অক্সিজেন চিলিণ্ডাৰ ব্যৱহৃত হৈছিল আৰু এতিয়া ‘দৈনিক ১০০-১৫০ চিলিণ্ডাৰৰ প্ৰয়োজন হৈছে GMCH ত।

ঠিক সেইদৰে অক্সিজেন টেংকৰো পূৰ্বতে ‘দৈনিক ৮০০-৯০০ লিটাৰ অক্সিজেনৰ প্ৰয়োজন হৈছিল কিন্তু কোভিড আক্ৰান্ত বৃদ্ধি পোৱাৰ বাবে ‘দৈনিক ১৬৪৩ লিটাৰকৈ অক্সিজেন ব্যৱহৃত হৈছে।

কোভিডৰ প্ৰথম ৱেভতকৈ দ্বিতীয় ৱেভৰ ৰোগীৰ ক্ষেত্ৰত প্ৰায়সংখ্যক ৰোগীকে প্ৰয়োজন হৈছে অক্সিজেনৰ।

একেদৰে কালাপাহাৰস্থিত কোভিড হাস্পতালতো দৈনিক অৰ্থ্যাৎ ২৪ ঘন্টাত ১০০ৰো অধিক অক্সিজেন চিলিণ্ডাৰৰ প্ৰয়োজন হৈছে। GMCH ৰ ICU ত বৃহস্পতিবাৰলৈকে ৪৩ গৰাকী ৰোগীয়ে গ্ৰহণ কৰি আছে অক্সিজেন।

এই কথা জনায় চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকে।

অৱশ্যে, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত পূৰ্বৰ তুলনাত কোভিড ৰোগীৰ ক্ষেত্ৰত কমকৈহে অক্সিজেনৰ ব্যৱহাৰ হোৱা বুলি দাবী চিকিৎসালয় কৰ্তৃপক্ষৰ। এই সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষকে কয় যে বৰ্তমান ১৪ গৰাকী কোভিড আক্ৰান্তই অক্সিজেন লৈ আছে।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে দিল্লীৰ দৰে পৰিস্থিতি অসমত হোৱা নাই। কিন্তু যদিহে চৰকাৰে বান্ধি দিয়া কোভিড নীতি-নিয়ম নামানে তেতিয়া ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব।

ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে দিল্লীৰ দশা যে অসমত নহ’ব তাৰ কোনো মানে নাই।

সংকটজনক অৰ্থাৎ অক্সিজেন লোৱা কৰ’না ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে অক্সিজেনৰ প্ৰয়োজনীয়তা বৃদ্ধি পাব।

সেয়েহে সময় থাকোঁতে নিজেও সাৱধান হওঁক আৰু আন দহজনকো সাৱধান কৰক। অন্যথা দিল্লী বা অন্য ৰাজ্যৰ দৰে ৰাজ্যৰ চিকিৎসালয়ত অক্সিজেন  নাইকীয়া হোৱা পৰিস্থিতি হ’বলৈ বেছি সময় নালাগিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd