• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণতন্ত্ৰ ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে : গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছৰ নেতা চৰণ সিং চাপ্ৰাৰ গুৰুতৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2025 5:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত গণতন্ত্ৰক হত্যা কৰাৰ অপচেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীসকলৰ ওপৰত পুলিচ বাহিনীক অত্যাচাৰ কৰিবলৈ মেলি দি ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। নিখিল ভাৰত কংগ্ৰেছৰ মিডিয়া আৰু কমিউনিকেশ্যন বিভাগৰ জ্যেষ্ঠ নেতা অসমৰ মিডিয়া বিভাগৰ তত্বাৱধায়কৰ দায়িত্বত থকা চৰণ সিং চাপ্ৰাই আজি এনেদৰে কয়।

ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপি তিনিটা ‘জে’ৰ সমষ্টি বুলি কৈ এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় কয় যে এই দলটোৱে সমগ্ৰ দেশত ঝুথ, ঝুমলা আৰু জাগলাৰী শাসন চলাই আছে। অৰ্থাৎ মিথ্যাচাৰ, অপপ্ৰচাৰ আৰু ঠগ-প্ৰৱঞ্চনাৰে বিজেপি দলে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলাই আহিছে। বিজেপিয়ে অসমত গণতন্ত্ৰক ভৰিৰে মোহাৰি ‘গাৰ বলেৰে শাসন’ চলোৱা বুলিও তেওঁ অভিযোগ কৰে৷

চাপ্ৰাই চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিৰোধীক দমন কৰিবলৈ আৰক্ষী বাহিনীক ব্যৱহাৰ কৰা হৈছে। যদি আৰক্ষীৰ লাঠিক ভোট লাভৰ বাবে ব্যৱহাৰ কৰা হয় তেন্তে গণতন্ত্ৰ ক’ত বুলি প্ৰশ্ন কৰি চাপ্ৰাই কয় যে বিজেপিয়ে অসমক এক ৰাজনৈতিক যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰিছে৷ অসমত মুক্ত পৰিৱেশৰ পূৰ্বে ভয়ে বিৰাজ কৰিছে বুলি কৈ তেওঁ কেইবাটাও গোচৰৰ সন্মুখীন হোৱা মুখপাত্ৰ ৰীতম সিঙৰ প্ৰসংগ উল্লেখ কৰে৷ সাংসদ ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছ নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি কৈ ৰকিবুল হুছেইনৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ কথাও উল্লেখ কৰে নেতাগৰাকীয়ে।

এয়া কেৱল হাৰাশাস্তি নহয়, এয়া বিৰোধীৰ কণ্ঠস্বৰ ৰোধ কৰাৰ এক অপপ্ৰয়াস বুলিও কয় চাপ্ৰাই। চৰণ সিং চাপ্ৰাই বিজেপিৰ ভুৱা প্ৰচাৰৰ কথা উল্লেখ কৰি সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ চৰিত্ৰহনন কৰিব খোজা বুলি কৈ মুখ্যমন্ত্ৰীৰ এনে আচৰণক গৰিহণা দিয়ে৷

এনে কাৰ্যত শাসকীয় দলৰ হতাশা প্ৰতিফলিত হৈছে বুলিও তেওঁ কয়। তেওঁ সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ উদ্বেগ প্ৰকাশ কৰি অভিযোগ কৰে যে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ সমালোচনা কৰা সাংবাদিকসকলক ভাবুকি দিয়া হৈছে আৰু শাস্তি দিয়া হৈছে। যিসকলে সত্য উন্মোচন কৰে তেওঁলোকক বিভিন্ন উপায়েৰে ভয়-ভাবুকি দি মুখ বন্ধ কৰি ৰখা হৈছে। ৰাইজে এনে ভয়ৰ পৰিৱেশ ওফৰাবলৈ সাজু হৈছে বুলি উল্লেখ কৰি বিজেপি দল আৰু চৰকাৰৰ সাহস থাকিলে আৰক্ষীৰ লাঠিৰ পৰিৱৰ্তে অসমত ভোটাৰক সিদ্ধান্ত লোৱাৰ সুযোগ দিবলৈ প্ৰত্যাহ্বান জনায়।

তেওঁ নাগৰিকসকলক ভয়-ভীতিৰ সন্মুখীন নহৈ গণতান্ত্ৰিক চেতনাৰে উদ্বুদ্ধ হ’বলৈকো আহ্বান জনায়। এই সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতাগৰাকীয়ে মঙলবাৰে কাশ্মীৰৰ পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰতকৈয়ো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

তেওঁ উক্ত আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোকে ঐক্যভাৱে যুঁজ দিবলৈ আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে সন্ত্ৰাসবাদ ৰোধ কৰাত মোদী চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে। এই সংবাদমেলত এআইচিচিৰ মিডিয়া সমন্বয়ক হৰ্ষদ শৰ্মাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেতা মেহদী আলম বৰা, গোপল শৰ্মা, নেত্ৰৰঞ্জন চৌধুৰী, মুখপাত্ৰ ৰূপা কলিতা, হেপ্পী গগৈ, মিডিয়া বিভাগৰ সম্পাদক ৰূপক দাসকে ধৰি কেবাগৰাকীও নেতা উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd