২৩ অক্টোবৰৰ পৰা ছিকিমত অনুষ্ঠিত হ’ব অল ইণ্ডিয়া গভৰ্নৰ্ছ গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতা

Governor-Gold-cup-750x375

অহা ২৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৩৮ সংখ্যক অল ইণ্ডিয়া গভৰ্নৰ্ছ গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ছিকিম।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ উন্নীতকৰণ কৰা চলিত বছৰৰ এই সন্মানীয় গ’ল্ড কাপ প্ৰতিযোগিতাখনত মুঠ ১২ টা দলে অংশ গ্ৰহণ কৰিব।

দেওবাৰে ৰাজ্যখনৰ ৰাজধানী চহৰ গেংটকত ফুটবল প্ৰতিযোগিতাখনৰ আয়োজক ছিকিম ফুটবল এছ’চিয়েশ্যনে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া দল কেইটা হ’ল মানাং মাৰছাংড়ী ক্লাব(নেপাল), আৰ্মড পুলিছ ফ’ৰ্ছ ক্লাব (নেপাল), বেংগালুৰু এফ চি(ৰিজাৰ্ভ), এটিকে কলকাতা(ৰিজাৰ্ভ), আৰ্মী ৰেড, ছংগলৱেণ্ড য়ুনাইটেড(মণিপুৰ), ৰেইনব’ এফ চি (কলকাতা), কেলকাত্তা কাষ্টমছ, জৰ্জ টেলিগ্ৰাফ, আৰিয়ানছ কলকাতা, য়ুনাইটেড ছিকিম এফ চি আৰু ছিকিম আক্ৰমণ এফ চি।

উল্লেখযোগ্য যে ছিকিমৰ লীগ প্ৰতিযোগিতাতত য়ুনাইটেড ছিকিম এফ চি আৰু ছিকিম আক্ৰমণ এফ চিয়ে  শীৰ্ষ স্থান দখল কৰা বাবে ঘৰুৱা দল দুটাক প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ সুযোগ দিছে।

ইফালে এই প্ৰতিযোগিতাখনৰ সমান্তৰালকৈ দেশৰ আগশাৰীৰ প্ৰতিযোগিতা আই লীগ আৰম্ভ হ’ব। সেয়ে ছিকিমৰ এই সন্মানীয় প্ৰতিযোগিতাখনত যোৱা বাৰৰ চেম্পিয়ন দল মোহন বাগানে অংশগ্ৰহণ কৰিব নোৱাৰিব।

জানিব পৰা মতে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী আৰ বি চুব্বাই শুভাৰম্ভণি কৰিবলগীয়া প্ৰতিযোগিতাখনৰ আৰম্ভণি মেচখন য়ুনাইটেড ছিকিম আৰু আৰিয়ানছ কলকাতাৰ মাজত অনুষ্ঠিত হ’ব। আনহাতে প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব ৩ নবেম্বৰত।