শুৱালকুছিৰ শিপিনীক সাহায্য দিয়াৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান

IMG_20200609_135943
বিশ্বত্ৰাস কৰ’না ভাইৰাছৰ বাবে ঘোষিত ল’কডাউনে জুৰুলা কৰা শুৱালকুছিৰ শিপিনীলৈ সাহায্যৰ দাবীত অসম চৰকাৰলৈ
সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷
হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক কবিতা ডেকাৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তলৈ প্ৰদান কৰিছে এই বিশেষ দাবী পত্ৰ৷
উত্তৰ পূবৰ মানচেষ্টাৰ তথা সোণালী সূতাৰ গাঁও হিচাপে খ্যাত শুৱালকুছিৰ উপৰিও হাজো ৰাজহচক্ৰৰ অন্তৰ্গত বংশৰ, হালোগাঁও, বামুন্দী, সোৱনচাহ, ৰামদিয়া, বঙালপাৰা, বৰচলি, টোক্ৰাদিয়া, হাৰদিয়া আদি অঞ্চলৰ লগতে কামৰূপ জিলাৰ বিভিন্ন গাঁৱৰ শিপিনীসকলক আৰ্থিক সাহায্য প্ৰদানৰ দাৱী জনাই আছুৱে৷
স্মাৰক পত্ৰত উল্লেখ কৰা দাবী সমূহ হৈছে –
লকডাউনে জৰুলা কৰা উত্তৰ পূৱৰ গৌৰৱ শুৱালকুছিৰ বস্ত্ৰ শিল্পক পুনৰুজ্জীৱিত কৰাৰ বাবে ১০০কৌটি টকাৰ পেকেজ ঘোষণা কৰিব লাগে৷
ৰাজ্যচৰকাৰে বিভাগীয় ভাবে কামৰূপ জিলাৰ শিপিনীয়ে উৎপাদন কৰা কাপোৰ উচিত মূল্যত ক্ৰয় কৰিব লাগে৷
শিপিনী সকলক ৫০ শতাংশ ৰাজসাহাজ্য যুক্ত ঋণ প্ৰদান কৰিব লাগে৷
শুৱালকুছিক হেণ্ডলোম ক্লাষ্টাৰ হিচাপে ঘোষণা কৰিব লাগে৷
শিপিনীসকলৰ প্ৰয়োজনীয় কেঁচা মাল সুলভ মূল্যত যোগান ধৰিব লাগে৷
এই কথা অৱগত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে৷
ইফালে স্মাৰক গ্ৰহণ কৰি হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক দাসে শীঘ্ৰে শিপিনীসকলৰ সমস্যাৰ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে৷
গুৱাহাটী আমবাৰী হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদানৰ সময়ত উপস্থিত থাকে কামৰূপ জিলা আছুৰ সভাপতি দিবাকৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত দাস।