বিজেপিৰ দক্ষ মন্ত্ৰী হিমন্তই ঠগিলে কোচ ৰাজবংশীক

যি দলে জনজাতিকৰণ কৰিব সেই দলকে সমৰ্থন দিব কোচ ৰাজবংশীয়ে

a koch

বিজেপিৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশীক ঠগন দিয়া বুলি গুৰুতৰ অভিযোগ তুলিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে।

“হিমন্ত বিশ্ব শৰ্মাই আমাক ১ মাহৰ ভিতৰত সকলো কাম হৈ যাব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু ৩ মাহ হৈ গ’ল এতিয়া লৈকে একো নকৰিলে।” আক্ৰাছুৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকাই এইদৰে কয়।

অসম তথা উত্তৰ-পূৱ ভাৰতৰ অন্যতম বৃহৎ জনগোষ্ঠী কোচ ৰাজবংশী বুলি দাবী কৰি তেওঁ লগতে কয় “১৯৪৭ চনত ব্ৰিটিছৰ পৰা দেশ স্বাধীন হৈছিল যদিও ১৯৪৯ চনৰ ২৮ আগষ্টতহে কোচ সকলৰ ঐতিহ্যৰ প্ৰতীক শেষৰখন স্বাধীন কোচ বিহাৰৰ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূগ বাহাদুৰৰ লগত ভাৰতৰ এক চুক্তি হৈছিল ।

এই চুক্তি অনুসৰি কোচ বিহাৰ ভাৰতৰ লগত চামিল কৰা হ’ল আৰু ভৱিষ্যতে কোচ বিহাৰক “গ” শ্ৰেণীৰ মৰ্য্যদা প্ৰদান কৰা হ’ব। কিন্তু বাস্তৱত চৰকাৰে কোচ ৰাজবংশী সকলক চৰম অৱহেলা কৰিলে।”

তেওঁ আৰু হুংকাৰ দি কয় “সেইবাবে আমি চৰকাৰক দাবী জনাইছোঁ যে যদি কোচ ৰাজবংশী সকলক জনজাতি কৰণৰ মৰ্য্যাদা নিদিয়ে তেনেহলে কোচ ৰাজবংশী সকলে আগন্তুক কালত ইয়াৰ বিহীত ব্যৱস্থা লবলৈ বাধ্য হম।”

ইপিনে, বিজেপিক বাদ দি অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ যিয়েই চৰকাৰ নহওঁক কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিলে তেওঁলোকক সমৰ্থন কৰিব বুলি তেওঁ উল্লেখ কৰে।