আজি বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকা; ষ্টেডিয়ামত সাপৰ উপদ্ৰৱ ৰোধ কৰিবলৈ স্প্ৰে কৰা হৈছে কেমিকেল!

ফটো সৌজন্য : এচিএ

India and Sri Lanka at Barsapara ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰাৰ পিছত তিনিখন এদিনীয়া শৃংখলা আজিৰ পৰা আৰম্ভ হ’ব। শৃংখলাটোৰ প্ৰথমখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখনকলৈ ৰাজ্যখনৰ ক্ৰিকেট অনুৰাগীসকলৰ মাজত উৎসাহ বৃদ্ধি পাইছে। প্ৰথমখন এদিনীয়া খেলৰপূৰ্বে অসম ক্ৰিকেট সংস্থাই (এচিএ) বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আৰু ইয়াৰ চাৰিওফালৰ বাসগৃহত সাপ দূৰত ৰখাৰ বাবে কেমিকেল স্প্ৰে কৰিছে।

ফটো সৌজন্য: এচিএ।

উল্লেখ্য যে যোৱা বছৰ অক্টোবৰত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলখন এই খেলপথাৰত অনুষ্ঠিত হৈছিল। সেই খেলখনত হঠাতে এটা সাপ খেলপথাৰত প্ৰৱেশ কৰিছিল। খেলখন পাঁচ মিনিটৰ বাবে বন্ধ কৰিব লগা হৈছিল। অৱশেষত এজন ক্ষেত্ৰ কৰ্মীয়ে কেনেবাকৈ সাপটোক পথাৰৰ পৰা বাহিৰলৈ আনিবলৈ সক্ষম হৈছিল। এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰবাবে ভাৰত-শ্ৰীলংকা খেলৰ পৰা সাপ আঁতৰাই ৰাখিবলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আৰু ইয়াৰ চাৰিওফালৰ ঠাইবোৰত স্প্ৰে কৰা হৈছে।

অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ (এচিএ) সভাপতি তৰংগ গগৈয়ে কয়, “মহ আৰু মাখি দূৰত ৰখাৰ বাবেতো কীটনাশক ছটিয়াই দিয়া হৈছেই, লগতে খেলপথাৰৰ ভিতৰত আৰু ইয়াৰ চাৰিওফালৰ সকলো কমপ্লেক্সত আমি সাপ আঁতৰাই ৰাখিবলৈ কেমিকেল স্প্ৰে কৰিছো।”

ফটো সৌজন্য: এচিএ।

ইপিনে, ৰাজ্য চৰকাৰে এই খেলখনৰ বাবে অৰ্দ্ধদিন ছুটীৰ ঘোষণা কৰিছে।  গুৱাহাটী আৰু কামৰূপ মেট্ৰ’ জিলাত অৰ্দ্ধদিন ছুটী থাকিব। এই সন্দৰ্ভত এখন জাননীও জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ’ জিলাৰ সকলো চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় দুপৰীয়া ১ বজাৰ পৰা বন্ধ থাকিব। খেলখনৰ বাবে ইতিমধ্যে ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেটাৰসকল গুৱাহাটীত উপস্থিত হৈছে।