দিনৰ দুই বজাৰ লগে লগে বন্ধ হৈ পৰিল ৰাজ্যৰ সকলো দোকান-পোহাৰ

চৰকাৰে বান্ধি দিয়া নিয়ম পালন কলিয়াবৰৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ

shp

ক’ৰ’নাৰ মহাসংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছঅ’পি মানি আজি দিনৰ দুই বজাৰ পৰা ৰাজ্যৰ সকলো দোকান-পোহাৰ বন্ধ হৈ পৰে।

আজি সন্ধিয়া ৬ বজাাৰ পৰা ৰাজ্যত আৰম্ভ হ’ব নৈশ সান্ধ্য আইন।

উল্লেখ্য ইয়াৰ পূৰ্বে নিশা ৮ বজাৰ পৰা নৈশ সন্ধ্য আইন বাহাল আছিল যদিও আজিৰে পৰা সন্ধিয়া ৬ বজাতেই আৰম্ভ হ’ব নৈশ সান্ধ্য আইন।

ইপিনে চৰকাৰে বান্ধি দিয়া নিয়ম পালন  কৰিছে কলিয়াবৰৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে ।

আবেলি দুই বজাৰ লগে লগে বন্ধ হৈ পৰিল কলিয়াবৰৰ সমূহ দোকান-বজাৰ। ক’ভিড-১৯ ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰে নতুন SOP নীতি। এই অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো বিয়লি ২ বজাৰ লগে লগে ব্যৱসায়ী সকলে বন্ধ কৰে তেওঁলোকৰ নিজা ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ।

সমান্তৰালকৈ নিতাল নিস্তব্ধ হৈ পৰে দৈনিক তথা সাপ্তাহিক বজাৰ তথা বিপনন ক্ষেত্ৰ সমূহ ।

কভিড-১৯ ৰোধ কৰাৰ স্বাৰ্থতে চৰকাৰৰ নতুন SOP ক সন্মান জনাই ব্যৱসায়ী সকলে এনেদৰে
নিজা ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ বন্ধ ৰাখিছে বুলি জানিবলৈ দিছে।

অৱশ্যে এই বন্ধৰ ফলত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া সকলে বিয়লি বজাৰ কৰিব নোৱাৰিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা যাব।

লগতে সন্ধিয়া সময়ত যিহেতু একাংশ ব্যৱসায়ীৰ ব্যৱসায় আৰম্ভ হয় , সেয়ে তেনে ব্যৱসায়ী সকলে এতিয়া যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব বুলিও বহুতে  মত পোষণ কৰিছে।