• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থা আৰু সহযোগী সংগঠনৰ গণতান্ত্ৰিক আন্দোলন ঘোষণা

চানু গগৈ by চানু গগৈ
November 21, 2020 7:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই  ইতিমধ্যে ৰাজ্যিক নিৰ্বাচনী আয়োগে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই সৰৱ হৈ উঠিছে সদৌ তিৱা ছাত্র সন্থাকে ধৰি জনগোষ্ঠীটোৰ আন আন সহযোগী সংগঠন সমূহ।

উল্লেখযোগ্য যে, অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন (ASCRDA), ২০১৭ তিৱা স্বায়ত্ত পৰিষদ এলেকাৰৰ পৰা প্ৰত্যাহাৰ কৰা,অধিসূচনাত বাদ পৰি থকা তিৱা বসতি প্ৰধান ১২৪ খন গাঁও পৰিষদত অন্তভুক্তি কৰি  অবাঞ্চিতভাৱে তিৱা পৰিষদত অন্তভুক্ত হৈ থকা অতিৱা বসতি প্ৰধান গাঁও সমূহ পৰিষদৰ পৰা কৰ্তন কৰা আৰু তিৱা সকলৰ জনপ্ৰিয় আৰু বহু আকাংক্ষিত ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন অতিশীঘ্ৰে প্ৰদানৰ দাবীত যোৱা ২ নৱেম্বৰৰ পৰা তিৱা সংগঠন কেইটাই  এক গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিছিল।

ইফালে ইয়াৰ মাজতে ৩ নৱেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখিত সমস্যা সমূহৰ ওপৰত এক সৌহাদ্যপূৰ্ণ আলোচনা অনুষ্ঠিত কৰি স্থানীয় মন্ত্ৰী পীয়ুষ হাজৰিকাক জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ সৈতে আলোচনাৰ মৰ্মে যাৱতীয় সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত ২১ নৱেম্বৰত মিলিত হবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

দুৰ্ভাগ্যৰ বিষয় যে, এই আলোচনা নৌহওঁতেই তিৱা সকলৰ কোনো এটা সমস্যা সমাধান নকৰি হঠাৎ ৰাজ্যিক নিৰ্বাচনী আয়োগে  ১৭ নৱেম্বৰ তাৰিখে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন ঘোষণা কৰি তিৱা সকলৰ অমিমাংসীত মৌলিক সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰা বুলি শুকুৰবাৰে এক সংবাদ মেল যোগে তিৱা সংগঠন কেইটাই অভিযোগ তুলিছে।

সদৌ তিৱা ছাত্র সন্থাৰ মৰিগাঁৱৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলখনত উপস্থিত থকা সদৌ তিৱা ছাত্র সন্থা, সদৌ তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজ, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা যুৱ ছাত্ৰ পৰিষদ আৰু স্বায়ত্ত শাসন দাবী সংগ্ৰামী মঞ্চৰ বিষয়ববীয়া সকলে চৰকাৰৰ এনে মিথ্যাচাৰ,প্ৰতাৰণা আৰু দুমুখীয়া নীতিৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি এলানি গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰে।

সংগঠন কেইটাই ঘোষণা কৰা অনুসৰি অহা ২৩ নৱেম্বৰৰ পুৱা ৫ বজাৰৰ পৰা মধ্য অসম বন্ধ, ২৬ নৱেম্বৰত পুনৰ পুৱা ৫ বজাৰৰ পৰা ২৪ ঘন্টীয়া মধ্য অসম বন্ধ, ১ ডিচেম্বৰত দিনৰ ১১ বজাৰৰ পৰা নেলী মকৰীয়াত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ আৰু ৫ ডিচেম্বৰৰ পুৱা ৫ বজাৰৰ পৰা ৩৬ ঘন্টীয়া মধ্য অসম বন্ধৰ ঘোষণা কৰে।

এই ঘোষিত কাৰ্যসূচী সমূহৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত অৰ্থনৈতিক অৱৰোধ আৰু ৰেল অৱৰোধৰ দৰে কঠিন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও চৰকাৰক সংগঠন কেইটাই সকীয়াই দিয়ে।

আনহাতে, তিৱা পৰিষদৰ আইন মতে, ৩৬ সমষ্টি ভিতৰত ২৫ টা সংৰক্ষিত হ’ব লাগে যদিও এই ক্ষেত্ৰত ২৩ টা সমষ্টি সংৰক্ষিত কৰাৰ লগতে সংগঠন কেইটাই সংবাদ মেল যোগে আন বহু বেমেজালিৰ অভিযোগ উত্থাপন কৰে।

তিৱা স্বায়ত্ত পৰিষদ বিৰোধী সিদ্ধান্তক তিৱা সংগঠন কেইটাই গ্ৰহণ নকৰে আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে আইনৰো কাষ চাপিব বুলি সংগঠনটোৰ নেতৃবৃন্দই সংবাদ মেলত সদৰি কৰে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd