১০ ছেপ্টেম্বৰত ১১ টাকৈ বাঁও গণতান্ত্ৰিক দলৰ সৰ্বাত্মক ধৰ্মঘটৰ আহ্বান

সাধাৰণ ৰাইজক মাধমাৰ সোধাই শেহতীয়াকৈ পুনৰ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা কাৰ্যৰ বিৰোধিতা কৰি দেশৰ বাঁওপন্থী দলসমূহে কাইলৈ অৰ্থাৎ ১০ ছেপ্টেম্বৰত দেশজোৰা সৰ্বাত্মক ধৰ্মঘটৰ আহ্বান জনাইছে।

শনিবাৰে এক সংবাদমেলৰ জৰিয়তে ১১ টাকৈ বাঁও গণতান্ত্ৰিক দলৰ নেতৃবৃন্দই এই কথা জানিবলৈ দিয়ে। লগতে এই সৰ্বাত্মক ধৰ্মঘট অসমতো সফল কৰিবলৈ দলটোৰ নেতৃবৃন্দ সকলে আহ্বান জনাইছে।

সৰ্বাত্মক ধৰ্মঘটৰ আহ্বান জনোৱা ১১ টা বাঁও গণতান্ত্ৰিক দল হ’ল ক্ৰমে চি পি আই (এম), চি পি আই, চি পি আই (এম এল), এছ ইউ চি আই, এ আই এফ বি, আৰু চি পি আই, এন চি পি, জনতা দল(এছ), আম আদমী পাৰ্টী, এল ডি পি আৰু অসম সংগ্ৰামী মঞ্চ।

এই দল সমূহৰ নেতৃবৃন্দ সকলে সংবাদমেলত কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ ভয়াৱহ মূল্যবৃদ্ধিৰ মাজেৰে জনসাধাৰণৰ ওপৰত ল’ব নোৱাৰা বোজা জাপি দিছে। টকাৰ ব্যাপক মূল্যহ্ৰাসে দেশৰ অৰ্থনীতিলৈ ভয়াৱহ সংকট মাতি আনিছে।

তাৰোপৰি দলকেইটাৰ সদস্য সকলে কয় যে মূল্যবৃদ্ধিয়ে কোঙা কৰা কৃষক সমাজে নিজৰ উৎপাদিত ফচলৰ উপযুক্ত মূল্য নোপোৱাত তেওঁলোকৰ জীৱনলৈ সংকট নামি আহিছে।

ফলত তেওঁঁলোকে পেট্ৰ’ল, ডিজেলৰ বৰ্দ্ধিত মূল্য প্ৰত্যাহাৰ কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কাইলৈ অৰ্থাৎ ১০ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰপৰা সন্ধিয়া ৫ বজালৈ ১২ ঘণ্টীয়া সৰ্বাত্মক ধৰ্মঘটৰ  আহ্বান জনাইছে। লগতে অসমতো এই ধৰ্মঘট সফল কৰি তুলিবলৈ তেওঁলোকে সৰ্বস্তৰৰ জনসাধাৰণক আহ্বান জনাইছে।