মাৰ্ঘেৰিটাত নাবালিকাক ধৰ্ষণ কৰি অন্তঃসত্ত্বা কৰাৰ অভিযোগ : আটক অভিযুক্ত

ধৰ্ষণ

প্ৰতিনিধিত্বমূলক ছবি

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত আলুবাৰীত এগৰাকী ১৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি ৪ মহীয়া অন্তঃসত্ত্বা কৰা ঘটনাই মাৰ্ঘেৰিটাত আজি উত্তেজনাৰ সৃষ্টি কৰে৷

ঘটনাৰ বিৱৰণি মতে দীৰ্ঘদিন ধৰি মাছেগাঁ‌ও নিবাসী কিৰণ মেচ নামৰ এজন বিবাহিত পুৰুষে বিভিন্ন ভয় ভাবুকি দেখাই নাবালিকাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ ফলত নাবালিকা গৰাকী ৪ মহীয়া অন্তঃসত্ত্বা হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

ফলত আজি এই ঘটনা সন্দৰ্ভত জানিব পাৰি মাৰ্ঘেৰিটাৰ আলুবাৰীৰ একাংশ উত্তেজিত ৰাইজে অভিযুক্ত কিৰণ মেচক আটক কৰি আৰক্ষীক চমজাই দিয়ে। আনহাতে মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰি অনা কিৰণ মেচে সাংবাদিকৰ আগত সমগ্ৰ ঘটনাটো তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি কয়।

স্থানীয় অঞ্চলৰ একাংশ মহিলাই এই ঘটনাৰ খবৰ পাই মাৰ্ঘেৰিটা থানাত উপস্থিত হৈ অভিযুক্ত ধৰ্ষণকাৰী কিৰণ মেচক উপযুক্ত শাস্তি দিয়াৰ লগতে ভুক্তভোগী নাবালিকা গৰাকীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়।

ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে ১০৬/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰু তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহবি।