• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসভ্য আচৰণৰ অভিযোগ প্ৰিয়ব্ৰত হাজৰিকাৰ বিৰুদ্ধে

জাতীয় অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ গৰিমাক লৈ প্ৰশ্ন উঠিছে; আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশনকলৈ অসন্তুষ্টি একাংশ শ্ৰোতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2020 3:11 pm
index.jpg11
3.9k
VIEWS
Share on FacebookShare on Twitter

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বাতৰিত পৰিবেশকৰ ভুল উচ্চাৰণ, ভুল বাক্যৰ গাঠনি, দুৰ্বল উপস্থাপন শৈলীক লৈ আপত্তি তুলিছে বহু নিয়মীয়া শ্ৰোতাই।

প্ৰত্যেকৰে অভিযোগৰ আঙুলি এজন জ্যেষ্ঠ বাতৰি পঢ়োতাকলৈ। তেওঁ প্ৰিয়ব্ৰত হাজৰিকা।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ  অনাতাঁৰ বাতৰি বিভাগৰ বাতৰি পৰিবেশক তথা অনুবাদক প্ৰিয়ব্ৰত হাজৰিকা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি পৰিবেশকৰ একমাত্ৰ স্থায়ী পদটোত অধিষ্ঠিত হৈ আছে এইগৰাকী প্ৰিয়ব্ৰত হাজৰিকা।

কিন্তু শ্ৰোতাৰ অভিযোগৰ পাছতেই অসমীয়া বাতৰি পৰিবেশক প্ৰিয়ব্ৰত হাজৰিকাক তাৎক্ষনিকভাৱে বদলি কৰা হৈছে। ২১ জুলাইত এক নিৰ্দেশনাযোগে তেওঁক পোৰ্ট ব্লেয়াৰলৈ বদলি কৰিছে প্ৰচাৰ ভাৰতীয়ে।

হাজৰিকাৰ বাতৰিৰ পঢ়াৰ শৈলীক লৈ শ্ৰোতাই ধাৰাবাহিক ভাবে আপত্তি তুলি আহিছে। কেইবাগৰাকীও শ্ৰোতাই এই সম্পৰ্কে আকাশবাণী গুৱাহাটী তথা প্ৰচাৰ ভাৰতীক টুইটাৰযোগে অভিযোগ দাখিল কৰি আহিছে।

একেদৰে বাতৰি কাকততো প্ৰকাশ পাইছে বিভিন্নজনৰ অভিযোগ সন্নিবিষ্ট লিখনি।

যি সময়ত মহামাৰী ক’ৰ’ণা ভাইৰাছ’ৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা ‘লকডাউন’-এ অগণন জনতাৰ বাবে হাহাকাৰ নমাই আনিছে। তেনে সময়ত এইগৰাকী জ্যেষ্ঠ বাতৰি পৰিবেশকে বাতৰিত পঢ়িছে ‘হেঁপাহৰ লকডাউন’ বুলি। এই অভিযোগো বাতৰি কাককৰ জৰিয়তে শ্ৰোতাই প্ৰকাশ কৰিছে।

কিন্তু প্ৰাপ্ত খবৰ অনুসৰি, প্ৰচাৰ ভাৰতীৰ বদলিৰ নিৰ্দেশৰ পাছতেই চলে-বলে কৌশলেৰে গুৱাহাটী নেৰাৰ বাবে চেষ্টা চলাইছিল প্ৰিয়ব্ৰত হাজৰিকাই।

ইপিনে, তেওঁৰ বদলিৰ বিৰোধিতা কৰি একাংশ সংবাদ প্ৰতিষ্ঠানে বাতৰিও প্ৰকাশ কৰিছে। তেওঁৰ বদলিক অসমীয়াৰ প্ৰতি অন্যায়ৰ ৰূপ দিয়াৰো চেষ্টা চলাইছে একাংশই।

ইপিনে, প্ৰিয়ব্ৰত হাজৰিকাৰ বিৰুদ্ধে উত্থাপিত হৈছে আন এক অভিযোগ। বদলিৰ নিৰ্দেশৰ পাছতো যোৱা ২৩ জুলাইত তেওঁ বলপূৰ্বক ষ্টুডিঅ’লৈ সোমায় যায়। সেইদিনা পুৱাৰ আঞ্চলিক বাতৰিৰ দায়িত্বত থকা প্ৰযোজকে তেওঁক বাধা দিয়াৰ লগে লগে, হাজৰিকাই অশ্ৰাব্য গালি-গালাজ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনকি পাছত নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় বুলিও জানিব পৰা গৈছে। এই সন্দৰ্ভত দায়িত্বত থকা প্ৰযোজক গৰাকীয়ে উৰ্ধতম কৰ্তৃপক্ষলৈ লিখিত অভিযোগ দাখিল কৰিছে।

অৱশ্যে, অৱশেষত প্ৰিয়ব্ৰত হাজৰিকা পোৰ্ট ব্লেয়াৰলৈ যাবলৈ মান্তি হোৱা বুলি জানিব পৰা গৈছে।

Recent News

অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা: ১৩খন জিলাত সতৰ্কতা জাৰি কৰিছে

অসমত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা: ১৩খন জিলাত সতৰ্কতা জাৰি কৰিছে

উত্তৰ প্ৰদেশত ৰাজধানীকে ধৰি দুখন ৰে’লৰ লাইনচ্যুত কৰাৰ চেষ্টা! কথমপি ৰক্ষা দুৰ্ঘটনাৰ পৰা

উত্তৰ প্ৰদেশত ৰাজধানীকে ধৰি দুখন ৰে’লৰ লাইনচ্যুত কৰাৰ চেষ্টা! কথমপি ৰক্ষা দুৰ্ঘটনাৰ পৰা

ভাগ্যৰ পৰিহাস! সপোন আছিল আই এ এছ অফিচাৰ হোৱাৰ কিন্তু… কোন এইগৰাকী অভিনেত্ৰী?

ভাগ্যৰ পৰিহাস! সপোন আছিল আই এ এছ অফিচাৰ হোৱাৰ কিন্তু… কোন এইগৰাকী অভিনেত্ৰী?

এক জটিল স্তৰত উপনীত হৈছে ভাৰতীয় স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আইনী হাৰাশাস্তি! নতুন দিল্লীৰ এক সংবাদমেলত আৰএছএফ

এক জটিল স্তৰত উপনীত হৈছে ভাৰতীয় স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আইনী হাৰাশাস্তি! নতুন দিল্লীৰ এক সংবাদমেলত আৰএছএফ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd