নগাঁও ভূমি সংৰক্ষণ বিভাগত ব্যাপক দুৰ্নীতি, অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ; তদন্তৰ দাবী

দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কৈ দিশপুৰৰ মছনদ দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ আমোলতে ৰাজ্যখনৰ ইটোৰ পিছত সিটো চৰকাৰী বিভাগত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি,কেলেংকাৰীৰ ঘটনা।

ৰাজ্য প্ৰধানজনে সভাই সমিতিয়ে কেৱল বৰাক, ব্রহ্মপুত্র পাহাৰ ভৈয়ামৰ ৰাইজৰ সম্প্ৰীতিৰ কথা কৈ অহাৰ সময়তে নগাঁও জিলা ভূমি সংৰক্ষণ বিভাগৰ নগাঁও সংমণ্ডলৰ অন্তৰ্গত মৰিগাঁও জিলাৰ ফলিয়ামাৰী আৰু কুজি অঞ্চলত এছ, অ, পি , ডি, আচঁনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি,অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে{

প্ৰাপ্ত তথ্য অনুসৰি ২০১৯–২০২০ বৰ্ষত নগাঁও ভূমি সংৰক্ষণ বিভাগৰ অধীনত মৰিগাঁও জিলাৰ ফলিয়ামাৰী অঞ্চলৰ কৃষি পথাৰত চাৰিটা আচঁনি ৰূপায়নৰ নামত আবন্টিত ত্ৰিশলাখ সত্তৰ হাজাৰ টকা সামান্যতম কাম কৰিয়ে  সামৰিলে বিভাগীয় জিলা বিষয়া গৰাকীয়ে।

ইয়াৰে এটা ফলিয়ামাৰী গাঁৱৰ পৰা কৃষি পথাৰলৈ পথ বান্ধ নিৰ্মাণৰ নামত আঠলাখ টকাৰ লগতে এই বান্ধত একলাখ ষাঠি হাজাৰটকাৰ এটি কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল।

ৰাইজৰ অভিযোগ অনুসৰি পতিত ভূমি খনন মেটেকা চাফাই আৰু পানী সংৰক্ষণ ক্ষেত্ৰ নিৰ্মাণ খৰছ পোন্ধৰ লাখ টকাৰ বিপৰীতে এই জল ছেদৰ পৰা হব লগা মাটিৰে নিৰ্মিত জলনলা (chanel) নিৰ্মাণৰ নামত আবন্টিত ছয় লাখ টকা  ঠিকাদাৰ আৰু জিলা বিষয়া গৰাকীয়ে চেনেল নিৰ্মাণ নকৰাকৈ সমূদায় ধন চলিত বৰ্ষৰ মাৰ্চ মাহতে সৰকাই আত্মসাৎ কৰে{

লগতে বিষয়া গৰাকীয়ে নিজে ঠিকাদাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ আচঁনি ৰূপায়নৰ দিশত নিয়োজিত টেক্টৰৰ খৰছ দুই লাখ টকা আৰু জেছিপি (ফৰ্কলেন) খৰছৰ নামত তিনি লাখ পঞ্চাশ হাজাৰ টকাৰ লগতে হাৰ্ডৱেৰ দোকানৰ এক লাখ পঞ্চাশ হাজাৰ টকা মোকলাই নিদিয়াত ভূক্তভোগীয়ে ক্ষোভ উজাৰি ধন মোকলাই দিবলৈ দাবী তুলিছে।

আনহাতে, সংশ্লিষ্ট জিলা বিষয়া গৰাকীৰ তত্ত্বাবধানতে কুজি অঞ্চলত বিভাগীয়  এছ, অ, পি, ডি, আচঁনিৰ নামত আবন্টিত ত্ৰিশ লাখ দহ হাজাৰ ন’শ  টকাৰ অধিকাংশই ঠিকাদাৰ আৰু বিষয়া গৰাকীয়ে লুন্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে।

কুজি বিলৰ মেটেকা চাফাই নামত আবন্টিত এঘাৰ লাখ টকা আৰু দুটা পুখুৰী নিৰ্মাণ তথা পানী সংৰক্ষণ ক্ষেত্ৰ জলছেদ  ৰূপে দহ লাখ ষাঠি হাজাৰ টকাকৈ চৰকাৰী ভাৱে আবন্টিত ধন সঠিক দিশত ৰূপায়ণ নকৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

অভিযোগ অনুসৰি পুখুৰী পতিত বিলত নকৈ খান্দি জলছেদ নিৰ্মাণ কৰিব লাগে যদিও পূৰ্বৰে পৰা নিৰ্মাণ হৈ থকা ৰাজহুৱা পুখুৰীতে সামান্যতম মেৰামতি কৰিয়ে বীল সৰকাবলৈ চেষ্টা কৰাৰ লগতে আনটো পুখুৰী নিৰ্মাণ কৰা নাই বুলিও ৰাইজে অভিযোগ তুলিছে।

কুজি বিলৰ মেটেকা চাফাইৰ নামতো আবন্টিত ধন সামান্য কাম কৰিয়ে সামৰিলে। এনে এক প্ৰেক্ষাপটত চৰকাৰী জনহিতাৰ্থ আচঁনিৰ ধন ৰূপায়ণৰ নামত চৰকাৰী বিষয়াই ঠিকাদাৰৰ লগত মিলি ধন আত্মসাৎ কৰা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে।

শীঘ্ৰে এনে অনিয়ম দুৰ্নীতিৰ এক উচিত তদন্তৰ দাবী তুলিছে ভোক্তভূগী অঞ্চলবাসী ৰাইজে।