NORTHEAST NOW (Assamese)

উজনি অসমৰ বৌদ্ধ বিহাৰসমূহত বৌদ্ধ ভিক্ষুৰ বেশত সন্দেহযুক্ত বাংলাদেশীয়ে বাহৰ পতাৰ গুৰুতৰ অভিযোগ

September 11, 2019 6:11 pm · মানস প্ৰতিম গগৈ
Updated: September 11, 2019 9:07 pm
এগৰাকী সন্দেহজনক বাংলাদেশী ভিক্ষু

উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ বিহাৰসমূহত এতিয়া সন্দেহজনক বাংলাদেশী লোকে খোপনি পোতাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ থলুৱা খিলঞ্জীয়া ভান্তে সকলে।

একাংশ থলুৱা বৌদ্ধ ভিক্ষুৱে ধৰ্ম প্ৰচাৰৰ অচিলা লৈ বৌদ্ধ বিহাৰসমূহত সন্দেহজনক লোকৰ আগমন ঘটা বুলি অভিযোগ তুলিছে।

বাংলাদেশী বুলি অভিযোগ উত্থাপিত হৈ অহা ভান্তেসকলৰ বিৰুদ্ধে ইতিমধ্যে সংশ্লিষ্ট জিলা প্ৰশাসনক অৱগত কৰা হৈছে বুলি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ একাংশ বৌদ্ধ ধৰ্মালম্বী লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ সমিতিয়ে শীঘ্ৰে জিলা প্ৰশাসনক বহিৰাগত ভান্তেসকলৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই তেওঁলোকক চিনাক্ত কৰাৰ বাবে আহ্বান জনাইছে।

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে ধৰ্মৰ নামত কোনো বাংলাদেশীক আশ্ৰয় দিয়া নহ’ব বুলি হুংকাৰ দিছে অন্যথা তেওঁলোকে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলি জনায়।

উজনিৰ একাংশ ভান্তেৰ নেতৃত্বত সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ দৃষ্টিগোচৰ কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

বিশেষকৈ ডিগবৈ, তিনিচুকীয়া, ডিব্ৰুগড়, সোণাৰী, দুলীয়াজান আদি অঞ্চলৰ বৌদ্ধ মন্দিৰত একাংশ সন্দেহজনক বৌদ্ধ ভিক্ষুৱে দীৰ্ঘদিন ধৰি ধৰ্মগুৰুৰ দায়িত্ব পালন কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি স্থানীয় ভিক্ষুসকলে ইয়াৰ বাবে তেওঁলোক বৌদ্ধ বিহাৰৰ ধৰ্মগুৰুৰ দায়িত্বৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি কয়।

তদুপৰি, সন্দেহযুক্ত বাংলাদেশী বৌদ্ধ ভিক্ষুসকলে ধৰ্মৰ নামত ব্যভিচাৰ চলাই অহাৰো গুৰুতৰ অভিযোগ তুলিছে স্থানীয় বৌদ্ধ ভিক্ষুসকলে।

Related News