পুনৰ নাবালিকাক গণধৰ্ষণ : গ্ৰেপ্তাৰ হ’ল চাৰি অভিযুক্ত

image.jpg

দেশত পুনৰ গণধৰ্ষণৰ বলি হৈছে এগৰাকী নাবালিকা।

এইবাৰ ঘটনাৰ স্থান হৈছে পশ্চিমবংগৰ ৰাজধানী চহৰ কলকতাৰ নিউ টাউন।

ঘটনাৰ বিৱৰণীৰ মতে মহানগৰখনৰ নিউ টাউন এলেকাৰ ৰাম মন্দিৰৰ এক নিৰ্জন স্থানত নাবালিকাক গণধৰ্ষণ কৰে চাৰি যুৱকে।

গণধৰ্ষণৰ চাৰি অভিযুক্ত যুৱককেইজন নাবিলাকা গৰাকীৰ পৰিচিত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নাবালিকা গৰাকীয়ে ৰাম মন্দিৰৰ এলেকাত এজন বন্ধুৰ সৈতে ফুৰিবলৈ আহিছিল।

তেনে সময়তে চাৰিজন যুৱকে আহি নাবালিকা গৰাকীক জোৰ দৱৰদস্তি কৰি এক নিৰ্জত স্থানলৈ লৈ যায় আৰু ধৰ্ষণ কৰে।

ইফালে নাবালিকা গৰাকীৰ বন্ধুক অভিযুক্ত চাৰি যুৱকে ভাবুকি দিয়াত তেওঁ সেই স্থানৰ পৰা পলায়ন কৰে।

টহলদাৰী আৰক্ষীৰ বাহন দেখা পায় নাবালিকা গৰাকীয়ে চিঞৰ বাখৰ কৰিবলৈ ধৰে।

আৰক্ষীয়ে চিঞৰ শুনি ঘটনাস্থলীত উপস্থিত ধৰ্ষিতা নাবালিকা গৰাকীক উদ্ধাৰ কৰে আৰু তিনি অভিযুক্ত যুৱক পলায় যায় যদিও এজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰে।

কৰায়ত্ত কৰা অভিযুক্ত যুৱকজনক জেৰা কৰি আৰক্ষীয়ে ইতিমধ্যে অন্য তিনি অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে।