• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাটৰ নেইষ্টৰ সঞ্চালক পদক লৈ অসমীয়া বিৰোধী চক্ৰৰ ষড়যন্ত্ৰৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2018 10:18 am
NEIST
195
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ থকা উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ(নেইষ্ট) সঞ্চালক পদক লৈ অসমীয়া বিৰোধী চক্ৰই আৰম্ভ কৰিছে এক ষড়যন্ত্ৰ। এই উচ্চ শিক্ষা প্ৰতিষ্ঠানটোত দীৰ্ঘ দিন ধৰি আধিপত্য বৰ্তাই ৰখা তেলেগু চক্ৰটোৱে এইবাৰো তেওঁলোকৰ এগৰাকী পচন্দৰ তেলেগু ব্যক্তিক সঞ্চালকৰ পদটোত অধিষ্ঠিত কৰোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

জানিব পৰা মতে, নেইষ্টৰ সঞ্চালক পদটোৰ বাবে আজি সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। কিন্তু চক্ৰান্তমূলকভাৱে এই সাক্ষাৎকাৰলৈ বহুকেইজন অসমীয়া প্ৰাৰ্থীক নিমন্ত্ৰণ নকৰাৰ অভিযোগ উঠিছে। তদুপৰি, উক্ত পদটোত এটা শক্তিশালী চক্ৰই অনিয়মত লিপ্ত হৈ নিজৰ লোকক সঞ্চালক পদত বহুৱাবৰ বাবে উঠিপৰি লাগিছে।

উল্লেখযোগ্য যে যোৱা ৯ এপ্ৰিলত সঞ্চালক পদটোৰ বাবে আৱেদন-পত্ৰ আহ্বান কৰা হৈছিল। তদুপৰি, ১৫ মে’ আৱেদন দাখিলৰ শেষ দিন ধাৰ্য কৰা হৈছিল। কিন্তু এই সময়সীমা উকলি যোৱাৰ পাছত হঠাতে কৰ্তৃপক্ষই নতুন বিজ্ঞাপনৰ যোগেদি আৱেদন কৰাৰ অন্তিম দিন ১৫ জুলাইলৈ বঢ়াই দিয়ে। ইয়াৰ ফলত পদটোৰ বাবে  দাখিল কৰা আৱেদনসমূহ পৰীক্ষা কৰি সাক্ষাৎকাৰ আয়োজন কৰালৈকে এতিয়া ছমাহ সময় পাৰ হৈ গ’ল। এইদৰে বিগত ছমাহ ধৰি নিয়মীয়া সঞ্চালক নোহোৱাকৈয়ে চলি আছে এই উচ্চ শিক্ষা প্ৰতিষ্ঠানটো।

ইপনে আজি অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ জনোৱা প্ৰাৰ্থীসকলৰ মাজৰ একাংশৰ যোগ্যতাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। অসমীয়া বিৰোধী চক্ৰটোৱে সঞ্চালকৰ পদটোৰ বাবে প্ৰক্ষেপ কৰা বুলি সাক্ষাৎকাৰৰ পূৰ্বেই চৰ্চিত তেলেগু প্ৰাৰ্থীগৰাকীৰ ব্যাৱহাৰিক অভিজ্ঞতা কম বুলি জানিব পৰা গৈছে।

আনহাতে, যোৰহাটৰ নেইষ্ট অনা অসমীয়া বিশেষকৈ তেলেগু চক্ৰৰ দ্বাৰা পৰিচালিত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। প্ৰতিষ্ঠানটোৰ সঞ্চালক পদত বৰ্তমানলৈকে অধিষ্ঠিত হোৱা লোকসকলৰ নামসমূহেই এই কথাৰ প্ৰমাণ দাঙি ধৰে। আনকি নেইষ্টতে অসমীয়া যোগ্য ব্যক্তি থকাৰ পাছতো শক্তিশালী অনা অসমীয়া চক্ৰই এইক্ষেত্ৰত সদায়ে বাধা আৰোপ কৰি আহিছে। যোৱা ত্ৰিশ জুনত অৱসৰ গ্ৰহণ কৰা ড০ ৰামায়াৰ দিনত নিযুক্তি লাভ কৰা লোকসকলৰ অধিকাংশই লোকেই আছিল অনা অসমীয়া লোক।

প্ৰতিষ্ঠানটোত অনা অসমীয়া চক্ৰটো ইমানেই শক্তিশালী হৈ পৰিছে যে তেওঁলোকে প্ৰতিষ্ঠানটোত কৰ্মৰত অসমীয়া লোকসকলক প্ৰাপ্ৰ্য অধিকাৰৰ পৰা বঞ্চিত কৰিও ৰাখিছে। আনকি অসমীয়া বিজ্ঞানীৰ পদোন্নতিও উক্ত লবীটোৱে বন্ধ কৰি ৰখাৰ অভিযোগ উঠিছে।

এবাৰ মাত্ৰ অসমীয়া এগৰাকী অসমীয়া লোকক সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ বাহিৰে সদায়ে যোৰহাট নেইষ্টত বাহিৰৰ লোকেই সঞ্চালকৰ পদত নিযুক্তি লাভ কৰি আহিছে। অসমত যোগ্য লোক থকাৰ পাছতো তেওঁলোক সদায়ে অনা অসমীয়া শক্তিশালী চক্ৰৰ বাবে বঞ্চিত হৈ আহিছে।

নেইষ্টৰ সঞ্চালকৰ পদত এজন অসমীয়াক নিযুক্তিৰ ক্ষেত্ৰত জাতীয় দল-সংগঠনসমূহেও নীৰৱ ভূমিকা পালন কৰি আহিছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd