NORTHEAST NOW (Assamese)

মেডাম টুছ’ত এইবাৰ দক্ষিণৰ জনপ্ৰিয় তাৰকা আল্লু অৰ্জুনৰ মমৰ মূৰ্তি

September 21, 2023 1:20 pm · এন ই নাও নিউজ, গুৱাহাটী

দক্ষিণ ভাৰতীয় চিনেমাৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনৰ বাবে বছৰটো ভালদৰেই চলি আছে। শেহতীয়াকৈ আল্লুৱে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন তেলেগু অভিনেতা হিচাপে পৰিগণিত হৈছে। এইবাৰ তেওঁৰ সফলতাৰ লেখত আৰু এটা নতুন সংযোজন হ’বলৈ গৈ আছে।

এইবাৰ লণ্ডনৰ বিশ্ববিখ্যাত মেডাম টুছ’ সংগ্ৰহালয়ত স্থাপন হ’বলৈ ওলাইছে অভিনেতাগৰাকীৰ মমৰ মূৰ্তি। কিন্তু কেৱল আল্লুকেই নহয়, লণ্ডনৰ মেডাম টুছ’ৰ সংগ্ৰহালয়ত আগতেও বহু বলীউডৰ তাৰকাক স্থান দিয়া হৈছে।

এই সংগ্ৰহালয়ত ইতিমধ্যে অমিতাভ বচ্চন, ছলমান খান, শ্বাহৰুখ খান, ঋত্বিক ৰোশন, ঐশ্বৰ্য ৰায়, মাধুৰী দীক্ষিত আৰু কেটৰিনা কাইফৰ দৰে অভিনেতা-অভিনেত্ৰীৰ মূৰ্তিয়ে স্থান পাইছে।

দক্ষিণৰ চলচ্চিত্ৰ অভিনেতাসকলৰ ভিতৰত তেওঁ তৃতীয় তাৰকা যাৰ মমৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে। ইয়াৰ পূৰ্বে এই সংগ্ৰহালয়ত প্ৰভাস আৰু মহেশ বাবুৰ প্ৰতিমূৰ্তি ৰখা হৈছে।

বিশ্বৰ আটাইতকৈ জনপ্ৰিয় মমৰ সংগ্ৰহালয়টো হ’ল লণ্ডনৰ মেডাম টুছ’। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ তাৰকাৰ মমৰ মূৰ্তি তাত ৰখা হয়। বিশ্বৰ জনপ্ৰিয় তাৰকাসকলক নিজৰ মমৰ মূৰ্তি এই সংগ্ৰহালয়ত ৰাখি সন্মানিত কৰা হয়। ‘পুষ্পা’ৰ আকাশলংঘী সফলতাৰ পিছত আল্লুৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে।

শুনা গৈছে যে অহা দুদিনৰ ভিতৰত অভিনেতা আল্লু অৰ্জুনে লণ্ডনলৈ ৰাওনা হ’ব। তেওঁ তালৈ জোখ-মাখ দিবলৈ গৈ আছে। অৱশ্যে অহা বছৰহে এই প্ৰতিমূৰ্তি উন্মোচন হ’ব পাৰে।

Related News