দিল্লীৰ গুৰুদ্বাৰত বাহৰ পাতিছে আফগানিস্তানত নিৰ্যাটনৰ বলি হৈ ভাৰতলৈ অহা ২০০ টা শিখ পৰিয়ালে

আফগানিস্তানৰ পৰা ভাৰতৰ দিল্লীত উপস্থিত হোৱা ২০০ টা শিখ পৰিয়াল বৰ্তমান সময়ত দিল্লীৰ বিভিন্ন গুৰুদ্বাৰত বাহৰ পাতি আছে।

দিল্লী শিখ গুৰুদ্বাৰ মেনেজমেণ্ট কমিটিৰ দ্বাৰা পৰিচালিত গুৰুদ্বাৰত আফগানিস্তানৰ পৰা নিৰ্যাটনৰ বলি হৈ অহা শিখ পৰিয়াল সমূহে বাহৰ পাতি আছে।

”তেওঁলোকে স্থায়ী নাগৰিকত্ব নোপোৱালৈকে আমি তেওঁলোকৰ থকা-খোৱাৰ ব্যৱস্থা কৰি আছো,” দিল্লী শিখ গুৰুদ্বাৰ মেনেজমেণ্ট কমিটিৰ সভাপতি মনজিন্দৰ সিং চিৰচাই কয়।

আনহাতে, আফগানিস্তানৰ পৰা অহা শিখ পৰিয়াল সমূহক সংস্থাপনৰ ক্ষেত্ৰতো দিল্লী শিখ গুৰুদ্বাৰ কমিটিয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সিং চিৰচাই।

উল্লেখযোগ্য যে, আফগানিস্তানত ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা শিখ ধৰ্মাৱলম্বী লোক সকলে আফগানিস্তান এৰি ভাৰতলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

আফগানিস্তানত হিন্দু, শিখ আদি ধৰ্মীয় লোক সকলৰ ওপৰত ইছলামিক সন্ত্ৰাসবাদী সকলে দীৰ্ঘসময়ৰ পৰা আক্ৰমণ সংঘটিত কৰি আহিছে।