এলন মাস্ক কোম্পানীৰ আচৰিত উদ্ভাৱন! সম্পূৰ্ণ অন্ধ লোকক দেখুৱাব পৃথিৱীৰ পোহৰ

সম্পূৰ্ণ অন্ধসকলৰ বাবে পৃথিৱীখন পোহৰাই তোলাৰ বাটত নিউৰ’লিংক। কোটিপতি ইলন মাস্কৰ কোম্পানীয়ে দাবী কৰিছে যে তেওঁলোকে সৃষ্টি কৰা ‘ব্লাইণ্ডচাইট’-এ কাৰ্যতঃ অসম্ভৱ কাম কৰিব পাৰে। এই যন্ত্ৰটোৱে দৃষ্টিশক্তি ঘূৰাই আনিব, আনকি সম্পূৰ্ণ অন্ধ লোকৰ বাবেও। শেহতীয়াকৈ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে ব্লাইণ্ডচাইটক ‘ক্লিয়াৰেন্স’ দিছে। স্বাভাৱিকতে বিশেষজ্ঞ মহলত এনে এক উদ্ভাৱনক লৈ এক চাঞ্চল্যৰ সৃষ্টি হয়।

মাস্কে ছ’চিয়েল মিডিয়াত কয়, ‘নিউৰ’লিংকৰ ব্লাইণ্ডচাইট ডিভাইচে চকু আৰু অপটিক নাৰ্ভ দুয়োটা হেৰুৱাই পেলোৱা লোকৰ দৃষ্টিশক্তি পুনৰ ঘূৰাই আনিব। আনকি জন্মগত অন্ধসকলেও যদি দৃষ্টিশক্তিৰ কৰ্টেক্স ভাল হয় তেন্তে এই যন্ত্ৰটোৱে তেওঁলোকৰ দৃষ্টিশক্তি ঘূৰাই আনিব।’

উল্লেখ্য যে, ব্লাইণ্ডচাইটেই একমাত্ৰ উদ্ভাৱন নহয়। ২০১৬ চনত প্ৰতিষ্ঠা হোৱা নিউৰ’লিংক নামৰ কোম্পানীটোৱেও মানুহৰ মগজুত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰাৰ কাম কৰি আছে। নিউৰ’লিংকে ২০২১ চনত প্ৰকাশ কৰা অনুসৰি তেওঁলোকে এই চিপটো দুটা বান্দৰৰ মগজুত সংস্থাপন কৰি পৰীক্ষা কৰিছিল। ইফালে নোলেণ্ড নামৰ যুৱকজনে আঠ বছৰ পূৰ্বে এক দুৰ্ঘটনাৰ সন্মুখীন হয়। যোৱা জানুৱাৰী মাহত তেওঁৰ মগজুত চিপ সংস্থাপন কৰা হৈছিল। ফলত মাস্কৰ প্ৰতিষ্ঠান নিজৰ লক্ষ্যৰ দিশে আৰু এখোজ আগুৱাই লৈ গৈছে। এই ঘটনাই প্ৰযুক্তি আৰু বিজ্ঞানৰ জগতখনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সেই ব্যক্তিজনে নিজৰ মগজু অৰ্থাৎ ‘টেলিপেথী’ ব্যৱহাৰ কৰি ভিডিঅ’ গেম বা অনলাইন দবা খেলিবলৈ সক্ষম হয়।

পাছত মাস্কে লিখিছে, ‘মই নাভাবো যে কম্পিউটাৰে মানুহতকৈ ভালকৈ দবা খেলে। কিন্তু মোৰ অনুমান আগন্তুক ১০ বছৰৰ ভিতৰত দবাৰ সকলো ৰহস্যৰ সমাধান হ’ব।’ চেকাৰৰ দৰে খেলৰ দৰেই পিটাৰ নীলছনৰ দৰে বিখ্যাত দবা খেলুৱৈয়েও ইলন মাস্কৰ বক্তব্যক আংশিকভাৱে সমৰ্থন কৰে।