• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফটো “বিভ্ৰান্তি”ৰে বিজেপিৰ সমাৱেশত অধিক জনসমাগম প্ৰদৰ্শনৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ

ফটোখন “ক্ৰপড” নহয় বৰঞ্চ আছুৰ সমাৱেশৰ ভিডিঅ'ৰ স্ক্ৰীনশ্বট: OfficeofHBS (Assam)ৰ টুইট।

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2020 5:06 pm
Altnews finds anti-CAA rally photo shared by Himanta Biswa Sarma to be cropped

Altnewsৰ তুলনাত মন্ত্ৰী শৰ্মাই পোষ্ট কৰা ছবি দুখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ধেমাজিত অনুষ্ঠিত আছু আৰু বিজেপিৰ দুই সমাৱেশৰ ছবিৰ “বিভ্ৰান্তিকৰ” উপস্থাপনেৰে দলৰ সভাত অধিক জনসমাগম প্ৰদৰ্শনৰ চেষ্টা কৰিছে, ফেক্ট চেকিং ৱেবছাইট Altnewsৰ দাবী।

যোৱা ৮ আৰু ৯ জানুৱাৰিত ধেমাজিত এদিন অগাপিচাকৈ বিজেপি আৰু আছুৰ দুখন সমাৱেশ অনুষ্ঠিত হৈছিল।

আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে কা-বিৰোধিতাৰে সমাৱেশ অনুষ্ঠিত কৰাৰ বিপৰীতে শাসক দলটোৱে “ঐক্য সমদল”ৰ আয়োজন কৰিছিল।

জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই পোষ্ট কৰা সমাৱেশখনৰ এক ভিডিঅ’ আৰু আন কেইবাজনেও শ্বেয়াৰ কৰা ছবিসমূহৰ বিশ্লেষণ কৰি ৱেবছাইটটোৱে এই দাবী কৰিছে।

Challenging BJP’s peace rally in Dhemaji yesterday, Jatiya Sangathans organised another rally in Dhemaji today. A sea of people spontaneously participated in the rally #CAAProtests pic.twitter.com/ekc68s4AsT

— atanu bhuyan (@atanubhuyan) January 9, 2020

মন্ত্ৰী শৰ্মাই ধেমাজিত আছুৰ কা-বিৰোধী সমাৱেশ আৰু বিজেপিৰ “ঐক্য সমদল”ৰ দুখন ছবি একেলগে টুইটাৰত শ্বেয়াৰ কৰিছিল।

“সদৌ অসম ছাত্ৰ সন্থা (আছু)ই ৯ জানুৱাৰি, ২০২০ত আয়োজন কৰা ৰেলিৰ এক ভিডিঅ’ই স্পষ্টকৈ দেখুৱাইছে যে শৰ্মাই তুলনাৰ বাবে ব্যৱহাৰ কৰা ছবিখনে বাস্তৱতকৈ কম লোকৰ সমাৱেশ দেখুৱাইছে,” Altnewsৰ বাতৰিত প্ৰকাশ।

আছুৰ সম্পাদক লুৰিনজ্যোতি গগৈ আৰু আন কিছু লোকে শ্বেয়াৰ কৰা আছুৰ সমাৱেশৰ ছবি দাঙি ধৰি বাতৰিটোত কোৱা হৈছে যে শৰ্মাই বিভ্ৰান্তিকৰভাৱে ক্ৰপড ছবিখন তুলনা কৰিছে।

here are 2 Dhemaji pictures that sum up the mood in Assam. Need I say more?#AssamAlwaysAhead @narendramodi @AmitShah pic.twitter.com/xTJRW7RerG

— Himanta Biswa Sarma (@himantabiswa) January 10, 2020

অসমত চলিত কা-বিৰোধী প্ৰতিবাদৰ মোকাবিলা কৰাৰ বাবে শাসক দলটোৱে বিভিন্ন ঠাইত “ঐক্য সমদল”ৰ আয়োজন কৰি আহিছে।

সভাখনত মন্ত্ৰী শৰ্মাই কৈছিল যে ধেমাজিৰ বৃহৎ সমাৱেশে পুনৰ বিজেপি শাসনলৈ অহাটো নিশ্চিত কৰিছে।

বিপৰীতে পিছদিনা অনুষ্ঠিত কা-বিৰোধী সমাৱেশৰ আয়োজকে তেওঁলোকৰ সমাৱেশত উপস্থিত লোকৰ সংখ্যা হিচাপ কৰি বিজেপিৰ সভাৰ সৈতে তুলনা কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল টুইটাৰ হেণ্ডল OfficeofHBS (Assam)এ ফটোখনক “ক্ৰপড” নহয় বৰঞ্চ আছুৰ সমাৱেশৰ এক ভিডিঅ’ৰ স্ক্ৰীনশ্বট বুলি দেওবাৰে দাবী কৰিছে।

“এইটো অসমৰ আৱেগৰ এক সৎ আৰু সঠিক উপস্থাপন। আমি উক্ত টুইটটোৰ পক্ষত আছো। গুজৱ বন্ধ কৰক,” OfficeofHBS (Assam)ৰ টুইটত প্ৰকাশ।

The #Dhemaji pic by Dr @himantabiswa is NOT CROPPED, but is a screenshot from the said video, along with AASU’s stage – can they deny!

This is an honest and right portrayal of sentiment in Assam. We stand by the said Tweet. Stop rumours.

— OfficeofHBS (Assam) (@OfficeofHBS) January 12, 2020

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

বৃক্কৰ ৰোগৰ পৰা বাচি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে জানো আহক

September 13, 2025 6:30 am
শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd