অসম্ভৱক সম্ভৱ কৰি তুলিলে অমনে! ১০ ঘন্টাত হ্ৰাস কৰিলে ৪.৫ কিলোগ্ৰাম, জিকিলে ব্ৰঞ্জৰ পদক

ভিনেশ ফ’গাটে নোৱাৰিলে, কিন্তু পেৰিছ অলিম্পিকত অসম্ভৱক সম্ভৱ কৰি তুলিলে অমন শ্বেৰাৱাটে। অমন শ্বেৰাৱাটৰো ফাইনেল মেচৰ পূৰ্বে ভিনেশ ফ’গাটৰ যি সমস্যা আছিল, সেই একেই সমস্যা আছিল। খেলৰ আগৰ নিশা ওজন বৃদ্ধি পালে। কিন্তু গোটেই ৰাতি চেষ্টা কৰাৰ পিছতো ভিনেশে নিজৰ ওজন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, মাত্ৰ ১০০ গ্ৰামৰ বাবে তেওঁৰ আৰু ভাৰতবাসীৰ সপোন হেৰাই গ’ল। ডাঙৰ ফৰ্মত থকা ফ’গাটে ফাইনেলত প্ৰৱেশ কৰিলে সোণৰ পদক লাভ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেই স্থান লাভ কৰিব নোৱাৰিলে।

অমনে অৱশ্যে শেষ মুহূৰ্তত কঠোৰ শাৰীৰিক ব্যায়াম কৰি নিৰ্দিষ্ট সীমাৰ ভিতৰত নিজৰ ওজন কমাবলৈ সক্ষম হয়। ৫৭ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ মেচৰ আগদিনা নিশা ঘণ্টাৰ পিছত ঘণ্টা ঘাম পেলাই ওজন হ্ৰাস কৰি হাৰিয়ানাৰ ২১ বছৰীয়া যুৱকজনে কেৰিয়াৰৰ প্ৰথমটো অলিম্পিক ব্ৰঞ্জৰ পদক লাভ কৰে। পেৰিছৰ পৰা দেশখনে লাভ কৰে ষষ্ঠটো পদক।

বৃহস্পতিবাৰে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছত অমন শ্বেৰাৱাটৰ শৰীৰৰ ওজন ৬১.৫ কিলোগ্ৰাম, যিটো নিৰ্দিষ্ট শাখাৰ ওপৰৰ ওজনৰ সীমাতকৈ প্ৰায় ৪.৫ কিলোগ্ৰাম বেছি আছিল, কিন্তু প্ৰশিক্ষকৰ পৰামৰ্শ অনুসৰি অমনে মাত্ৰ ১০ ঘণ্টাৰ ভিতৰতে সেই ওজন কমালে। ব্ৰঞ্জৰ পদকৰ মেচখনত নমাৰ বাবে যোগ্যতা অৰ্জন কৰে। শেষত প’ৰ্ট’ ৰিকোৰ ডাৰিয়ান ক্ৰুজক ১৩-৫ ব্যৱধানত পৰাস্ত কৰি পদক লাভ কৰে।

ভাৰতীয় মল্লযুঁজ দলৰ দুই প্ৰশিক্ষক জগমন্দৰ সিং আৰু বীৰেন্দ্ৰ দহিয়াৰ নিৰীক্ষণত অমনে অৱশেষত ১০ ঘণ্টাত ৪.৫ কেজি ওজন কমাবলৈ সক্ষম হয়। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ছেমি ফাইনেল শেষ কৰাৰ পিছত ২১ বছৰীয়া অমনে মেটত একেৰাহে ১.৫ ঘণ্টা মল্লযুঁজ কৰে। এঘণ্টাৰ গৰম পানীত গা ধোৱাৰ পিছত অমনে ৰাতি ১২:৩০ মান বজাত পোনে পোনে এঘণ্টা ধৰি ট্ৰেডমিলত দৌৰিছিল, যাৰ বাবে অতিৰিক্ত ঘাম ওলাইছিল আৰু তেওঁৰ ওজন সোনকালে কমিছিল।

আধা ঘণ্টাৰ বিৰতিৰ পিছত পাঁচ মিনিটৰ বাবে অমনে পাঁচবাৰ ছাউনা বাথ কৰে। ইয়াৰ পিছতো দেখা যায় যে অমনৰ ওজন তেতিয়াও ৯০০ গ্ৰাম বেছি। মল্লযুঁজাৰুৰ বাবে ওজন কমাটো অস্বাভাৱিক নহয়, কিন্তু ভিনেশৰ ক্ষেত্ৰত দেখা গৈছে ভাৰতীয় মল্লযুঁজাৰু আৰু তেওঁলোকৰ প্ৰশিক্ষকে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলগীয়া আছিল। লঘু মালিচ কৰাৰ পিছত অমনে ১৫ মিনিট জগিং কৰিলে। ৰাতিপুৱা ৪:৩০ বজাৰ ভিতৰত দেখা যায় যে তেওঁৰ ওজন ৫৬.৯ কিলোগ্ৰাম, অৰ্থাৎ কিছু বিশেষ শ্ৰেণীত অংশগ্ৰহণৰ বাবে ওজনৰ উচ্চ সীমাতকৈ ১০০ গ্ৰাম কম। ১০ ঘন্টা অবিৰত অনুশীলনৰ সময়ত অমনে মৌ আৰু নেমুৰ সৈতে কেৱল গৰম পানী খাইছিল, মাত্ৰ এবাৰ নে দুবাৰ কফি খাইছিল।

ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত অমনৰ প্ৰতিক্ৰিয়া আছিল, ‘মই ৰাতি শোৱা নাছিলো, সেয়ে বিভিন্ন মল্লযুঁজ চাই সাৰ পাই আছিলো’। তেওঁৰ প্ৰশিক্ষক বীৰেন্দ্ৰ দহিয়াই কয় যে অমনৰ ওজন প্ৰতি ঘণ্টাত জুখি চাইছিল। গোটেই ৰাতি শুব পৰা নাছিল, ৰাতিপুৱাও সাৰ পোৱা নাছিল।