NORTHEAST NOW (Assamese)

আশ্চৰ্য! সুৰক্ষাৰ বাবে কন্যাৰ মূৰত চিচিটিভি কেমেৰা সংস্থাপন পিতৃৰ

September 11, 2024 5:09 pm · এন ই নাও নিউজ, গুৱাহাটী

মহিলাৰ সুৰক্ষা, চৰকাৰী চিকিৎসালয়ত চিচিটিভিৰ চোৰাংচোৱাগিৰি বৃদ্ধি কৰাৰ দাবী তীব্ৰতৰ হৈ আহিছে, ইয়াৰ পাছত এগৰাকী পিতৃয়ে ছোৱালীজনীৰ সুৰক্ষাৰ বাবে মূৰত লগাই দিলে চিচিটিভি কেমেৰা। আৰ জি কৰৰ ঘটনাই কেৱল ৰাজ্য বা দেশতে নহয়, বহিঃৰাষ্ট্ৰৰ সংবাদ মাধ্যমতো শিৰোনাম দখল কৰি এমাহতকৈও অধিক সময় ধৰি চৰ্চা লাভ কৰিছে। এইবাৰ জীয়েকৰ নিৰাপত্তাৰ বাবে পিতৃয়ে এটা নতুন পথ ল’লে। পিতৃযে ছোৱালীজনীৰ মূৰত এটা চাৰ্ভিলেন্স কেমেৰা সংস্থাপন কৰিলে। সেই ঘটনাৰ ছবি ইতিমধ্যে সকলোতে সংক্ৰমণৰ দৰে বিয়পি পৰিছে।

ভিডিঅ’টোত এগৰাকী ছোৱালীৰ মূৰত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। ছোৱালীজনী ক’লৈ গৈ আছে, কি কৰি আছে, কাৰ লগত মিলামিছা হৈছে, আৰু সৰ্বোপৰি বাটত ছোৱালীজনীৰ কোনো বিপদ হৈছে নে নাই, সেইবোৰৰ ওপৰত চকু ৰাখিবলৈ পিতৃয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কেমেৰাটো বাহিৰলৈ যাওঁতে ছোৱালীজনীয়ে মূৰত বান্ধি দিব লাগে আৰু পিতৃয়ে নিজেই তদাৰক কৰিব লাগে।

ইণ্টাৰনেটত ভাইৰেল হোৱা এই ভিডিঅ’টো বহুলোকে এই চাইছে। য’ত লিখা আছে, নিৰাপত্তাৰ চূড়ান্ত পদক্ষেপ। ভিডিঅ’টোত ছোৱালীজনীয়ে কয় যে তেওঁৰ ওপৰত চকু ৰাখিবলৈ তেওঁৰ পিতৃয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। যাতে কোনো ঘটনা সংঘটিত নহয়। লগতে তেওঁ কয় যে যুৱতীগৰাকীৰ পিতৃয়ে কেৱল নিৰাপত্তাৰ কাৰণেহে এই কাম কৰিছিল।

Related News