চলি আছে Amazonৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল, অতি কম দামতে কিনক দামী ফোন

Mobile

এমাজনত যোৱা ১৩ অক্টোবৰৰ পৰা চলি আছে গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল (Amazon Great Indian Festival Sale)। গ্ৰাহক সকলে ইয়াৰ সম্পূৰ্ণ সুযোগ তথা সুবিধা ১৭ অক্টোবৰলৈ ল’ব পাৰিব।

এই ফেষ্টিভেল চেলত গ্ৰাহকসকলে অতি কম দামতে ক্ৰয় কৰিব পাৰিব দামী দামী স্মাৰ্টফোন, টিভি, ঘৰত ব্যৱহৃত সামগ্ৰীৰ উপৰি আন বহুতো অত্যাৱশ্যকীয় সামগ্ৰী।

জানো আহক কেইটামান স্মাৰ্টফোনৰ মূল্যৰ বিষয়ে

Redmi 7A :  চাওমিৰ এই ফোনটো এমাজন চেলত মাত্ৰ ৪,৪৯৯ টকাতে গ্ৰাহক সকলে লাভ কৰিব। ফোনটোৰ সৈতে আছে দুবছৰৰ ৱাৰেণ্টি।

Redmi 7 :  আনহাতে এই মোবাইলটো গ্ৰাহক সকলে পাব মাত্ৰ ৬,৯৯৯ টকাত।

Samsung Galaxy M30 :  যি সকল গ্ৰাহকে ১০ হাজাৰ টকাৰ কম মূলৰ ফোন কিনিম কিনিম বুলি ভাবি আছে তেওঁলোকলৈ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেলে লৈ আহিছে ভাল সুযোগ। এই ফোনটো মাত্ৰ ৯,৯৯৯ টকাতে কিনিব পাৰিব।

Oppo Reno 2Z : শেহতীয়াকৈ মোবাইল কোম্পানি অপোৱে মুকলি কৰা এই বিশেষ মোবাইলটো এক্সেঞ্জ অফাৰৰ বিনিময়ত আপুনি ৪,৫০০ টকাৰ ৰেহাইত কিনিব পাৰিব। ফোনটোৰ প্ৰকৃত মূল্য ২৯,৯০০ টকা।

IPhone 6s : এই ফোনটো ২৩,৯৯৯ টকাত গ্ৰাহক সকললৈ আগবঢ়োৱা হৈছে।

Samsung Galaxy Note 10 : এই ফোনটোৰ প্ৰকৃত মূল্য ৮৫,০০০ টকা। কিন্তু যদি কোনোবাই কিনিব খোজে তেন্তে এক্সেঞ্জ অফাৰৰ বিনিময়ত ৬,০০০ টকাৰ ৰেহাই মূল্যত কিনিব পাৰিব।

আনহাতে এমাজনে গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেলৰ জৰিয়তে আগবঢ়াইছে আন এক অফাৰ। যদি কোনো গ্ৰাহকে সমাগ্ৰী কিনাৰ সময়ত ICICI বেংকৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে সেই গ্ৰাহকক অতিৰিক্তভাৱে ১০ শতাংশ ৰেহাই প্ৰদান কৰিব।